কলিয়াবৰ, 8 ফেব্ৰুৱাৰী : বিদেশী পৰ্যটকৰ সৈতে কঁকাল ঘূৰাই বিহু নাচিলে অসমৰ বিহুৱা দলে (Bihu Dance by Foreigners in kaliabor)৷ অসমত আহি উপস্থিত হৈছে সাত সাগৰ তেৰ নদীৰ সিপাৰৰ এটি পৰ্যটকৰ দল ৷ ব্ৰহ্মপুত্ৰৰ বুকুৰে কলিয়াবৰৰ শিলঘাটত উপস্থিত হৈছে উক্ত পৰ্যটকৰ দলটো ৷ পৰ্যটকৰ দলটো আহিছে স্কটলেণ্ড আৰু ইংলেণ্ডৰ পৰা ৷ স্কটলেণ্ড আৰু ইংলেণ্ডৰ পৰা অসম ভ্ৰমণৰ উদ্দেশ্যৰে ৰাজ্যত আহি উপস্থিত হৈছে ৩০ জনীয়া পৰ্যটকৰ দলটো ।
গুৱাহাটী পাণ্ডুৰ পৰা MV মহাবাহু জাহাজৰে অসম ভ্ৰমণ কৰাৰ লক্ষ্যৰে তথা পৰ্যটন ক্ষেত্ৰ প্ৰত্যক্ষ কৰিবলৈ ৰাজ্যত আহি উপস্থিত হৈছে ইংলেণ্ড-স্কটলেণ্ডৰ পৰ্যটকৰ দলটো । কলিয়াবৰত উপস্থিত হোৱাৰ পাচতেই কলিয়াবৰ বাগিচাত বিহুনৃত্য উপভোগ কৰি আনন্দিত হৈ পৰে স্কটলেণ্ড আৰু ইংলেণ্ডৰ বিদেশী পৰ্যটকৰ দলটো । তাৰপিচতেই, বিদেশী পৰ্যটকৰ দলটোৱে ‘অসম সমবায় মৰাপাট কল-শিলঘাট’ পৰিদৰ্শন কৰি আপ্লুত হৈ পৰে ।
শিলঘাটস্থিত তথা অসমৰ একমাত্ৰ মৰাপাট উদ্যোগটোৰ কাৰখানাৰ ভিতৰত প্ৰৱেশ কৰে 30 জনীয়া পৰ্যটকৰ দলটোৱে (Assam Cooperative Jute Mill) ৷ ইয়াৰ পিচত তেঁঁওলোকে খুটিনাতি মাৰি পৰিদৰ্শন কৰে কাৰখানাটো ৷ মৰাপাটৰ পৰা বস্তা, থৈলা কেনেদৰে প্ৰস্তুত কৰা হয় সেয়াও পৰিদৰ্শন কৰে বিদেশী পৰ্যটকৰ দলটোৱে । কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰ পৰিদৰ্শন কৰি মঙলবাৰে নিশাটো কলিয়াবৰ শিলঘাটত জাহাজতে কটাই বুধবাৰে পুৱাই পৰ্যটকৰ দলটো ৰাওনা হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শনৰ বাবে (Kaziranga national park) ।