অসম

assam

By

Published : Mar 25, 2021, 5:52 PM IST

ETV Bharat / state

নগাঁৱত ড্ৰাই ডে ঘোষণা

নিৰ্বাচন কেন্দ্ৰ কৰি নগাঁও জিলা উপায়ুক্তই জাৰি কৰিছে এক নিৰ্দেশনা ৷ নিৰ্দেশনা অনুসৰি ২৭ মাৰ্চত প্ৰথম পৰ্যায় আৰু ১ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি ঘোষণা কৰা হৈছে ড্ৰাই ডে ৷

ডাঙৰ খবৰ : নগাঁৱত সুৰা বিপনী বন্ধ
ডাঙৰ খবৰ : নগাঁৱত সুৰা বিপনী বন্ধ

নগাঁও,25 মাৰ্চ: 25 মাৰ্চৰ সন্ধিয়া 6 বজাৰ পৰা 27 মাৰ্চৰ সন্ধিয়া 6 বজালৈকে নগাঁও জিলাত ড্ৰাই ডে' ঘোষণা কৰা হৈছে ৷ নিৰ্বাচন কেন্দ্ৰ কৰিয়ে নগাঁও জিলা উপায়ুক্তই জাৰি কৰিছে এক নিৰ্দেশনা ৷

উল্লেখ্য যে, নিৰ্দেশনা অনুসৰি ২৭ মাৰ্চত প্ৰথম পৰ্যায় আৰু ১ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি ২৫ মাৰ্চৰ আবেলি ৬ বজাৰ পৰা ২৭ মাৰ্চৰ আবেলি ৬ বজালৈ আৰু ৩০ মাৰ্চৰ আবেলি ৬ বজাৰ পৰা ১ এপ্ৰিলৰ আবেলি ৬ বজালৈ ড্ৰাই ডে' ঘোষণা কৰা হৈছে ৷

তদুপৰি ২ মে’ত হ'বলগীয়া ভোট গণনা আৰম্ভ হোৱাৰ পৰা ভোট গণনা শেষ নোহোৱা পৰ্যন্ত সমগ্ৰ জিলাখনতে ড্ৰাই ডে' ঘোষণা কৰিছে প্ৰশাসনে । উক্ত দিনকেইটাত দেশীয় সুৰাৰ মহল, বিলাতী সুৰাৰ বিপণী, হোটেল, ক্লাব, ৰেষ্টুৰেণ্ট আদিত সুৰা মজুত ৰখা, বিক্ৰী বা কঢ়িয়াই লৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । এই নিৰ্দেশ অমান্যকাৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জিলা উপায়ুক্তই জানিবলৈ দিয়ে ।

লগতে পঢ়ক: অন্তিম দিনৰ প্ৰচাৰত ব্যস্ত মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্ত

ABOUT THE AUTHOR

...view details