অসম

assam

By

Published : Mar 31, 2020, 3:31 PM IST

ETV Bharat / state

কভিড-১৯ হাস্পতাললৈ পৰিণত হ'ব ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়

মঙলবাৰে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয়খন ১৫০ বিচনাযুক্ত কভিড-১৯ হাস্পতাললৈ ৰূপান্তৰিত লগতে,চিকিৎসালয়তে ৫৮ খন বিচনাযুক্ত আইচলেশ্যনৰ ব্যৱস্থা কৰাৰ কথাও প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷

ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়
ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়

নগাঁও, 31 মাৰ্চঃ কভিড-19 আক্ৰান্ত সকলৰ চিকিৎসালয়ত পৰিণত হ'ব নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় ৷ অতি শীঘ্ৰেই ২০ খন বিচনাযুক্ত আই চি ইউৰো ব্যৱস্থা কৰা হ'ব চিকিৎসালয়খনত ৷ মঙলবাৰে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷ নগাঁও জিলা উপায়ুক্ত যাদৱ শইকীয়া, যুটীয়া স্বাস্থ্য সঞ্চালকৰ লগতে চিকিৎসকৰ সৈতে এখন বৈঠকত মিলিত হয় মন্ত্ৰী গৰাকী ৷ এক দীঘলীয়া আলোচনাৰ অন্তত এই বিষয়ে ঘোষণা কৰে পিযুষ হাজৰিকাই ৷

কভিড-১৯ হাস্পাতাললৈ পৰিণত হ'ব ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়

কভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় সম্পূৰ্ণ সাজু বুলি উল্লেখ কৰি,চিকিৎসালয়খন ১৫০ বিচনাযুক্ত কভিড-১৯ হাস্পতাললৈ ৰূপান্তৰিত লগতে চিকিৎসালয়তে ৫৮ খন বিচনাযুক্ত আইচলেশ্যনৰ ব্যৱস্থা কৰাৰ কথাও প্ৰকাশ কৰে সাংবাদিকৰ আগত ৷ অসমত এন ৯৫ মাস্কৰ লগতে প্ৰয়োজনীয় সকলো সামগ্ৰী মজুত থকাৰ বিষয়ে অৱগত কৰি অসম চৰকাৰো কৰ'ণাৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈ আছে বুলি জনায় মন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰোপৰি নিজামুদ্দিন দৰগাহলৈ অসমৰ পৰা যোৱা ২১৬ জন ব্যক্তিৰ উভতি অহা লোকক স্বাস্থ্য পৰীক্ষা কৰাবলৈ আহ্বান জনোৱাৰ লগতে, এই বিষয় গোপনে নাৰাখি স্থানীয় প্ৰশাসন তথা স্বাস্থ্য কেন্দ্ৰত অৱগত কৰিবলৈও আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়কঃ১ এপ্ৰিলৰ পৰা ৰাজ্যত শিথিল কৰা হ'ব তলাবন্ধ!

ABOUT THE AUTHOR

...view details