অসম

assam

নগাঁৱৰ নেহেৰুৱালীত আৰম্ভ ভোগালী উৎসৱ

By

Published : Jan 15, 2020, 10:09 PM IST

নগাঁৱৰ নেহেৰুৱালীত চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ল ভোগালী উৎসৱ ৷ বুধবাৰৰ পৰা আৰম্ভ হয় ১০৭ বছৰীয়া এই ভোগালী উৎসৱ ৷

bhogali mela start at nagaon
নগাঁৱৰ নেহেৰুৱালীত আৰম্ভ ভোগালী উৎসৱ

নগাঁও , 15 জানুৱাৰী :নগাঁৱৰ নেহেৰুৱালীত বুধবাৰৰ পৰা আৰম্ভ হ'ল ভোগালী উৎসৱ । নগাঁৱৰ নেহেৰুৱালীত বুধবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ভোগালী উৎসৱ । 107 বছৰীয়া ভোগালী উৎসৱৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ডাঃ দিলীপ বৰুৱাই । নগাওঁ ভোগালী উৎসৱৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে উদযাপন সমিতিৰ উপসভাপতি তথা বিধায়ক ৰূপক শৰ্মাই । বিহুৰ দিনাই নেহেৰুৱালীত দুশ বয়োজ্যেষ্ঠ ব্যক্তিক শ্ৰদ্ধা জ্ঞাপন কৰে নগাওঁ ভোগালী উৎসৱ উদযাপন সমিতিয়ে । এই উৎসৱ উপলক্ষে নেহেৰুৱালীত আয়োজিত প্ৰদৰ্শনী আৰু আত্মসহায়ক গোটৰ বিপনী মুকলি কৰে জিলা উপায়ুক্ত যাদৱ শইকীয়াই ।

নগাঁৱৰ নেহেৰুৱালীত আৰম্ভ ভোগালী উৎসৱ

ABOUT THE AUTHOR

...view details