কলিয়াবৰ, 11 জানুৱাৰী: এতিয়া ৰাজ্যৰ চৌদিশে ঢেঁকীৰ গোমগোমনি ৷ আঘোণৰ লখিমীক ভঁৰালত ভৰাই ভোগ আৰু প্রাচুর্যৰে অসমীয়া জাতীয় জীৱনে পুহ আৰু মাঘৰ সংক্ৰান্তিত পালন কৰে হেঁপাহৰ উৎসৱ মাঘ বিহু ৷ পৰিয়াল তথা আত্মীয়-স্বজনৰ সৈতে উদযাপন কৰে ভোগালী বিহু (Bhogali Bihu Preparation at Kaliabor) ।
অসমীয়া জাতি তথা সমাজ জীৱনৰ আয়ুসৰেখা, হৃদয়ৰ স্পন্দন এই ভোগালী বিহুটিত সংপৃক্ত হৈ আছে কৃষিজীৱী চহা সমাজৰ প্রাপ্তিৰ আনন্দ (Bhogali bihu in Assam) । আদৰৰ বিহুটি কাষ চাপি অহাৰ লগে লগে ব্যস্ততাৰ সীমা নোহোৱা হৈছে অসমীয়া জীয়াৰী-বোৱাৰীৰ গাত । ঢেঁকীৰ চাৱত এতিয়া ৰাতি দুপৰলৈকে ৰজনজনাইছে গাঁৱৰ চহৰ-নগৰ ।
ৰাতি দুপৰলৈ আখলত বিধে বিধে পিঠা-পনা, জা-জলপানৰ যোগাৰত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে অসমীয়া জীয়ৰী-বোৱাৰীক । ইফালে ল’ৰাহঁতে পথাৰত নৰা কাটি ভেলাঘৰ বা মেজিঘৰ সঁজাত ব্যস্ত হৈ পৰিছে । আকৰ্যণীয় তথা ব্যতিক্ৰমীভাৱে মেজি, ভেলাঘৰ নিৰ্মাণ কৰাক লৈ যেন অঘোষিত প্ৰতিযোগিতা আৰম্ভ হৈছে গাঁৱৰ পথাৰে পথাৰে ।
বিশ্বায়ন তথা পশ্চিমীয়া বতাহজাকে চিনাকি সেই গাঁৱৰ ছবিখনৰ পৰিৱেশ বহু পৰিমাণে হ্ৰাস কৰিছে যদিও বিহু বুলিলে এতিয়াও অসমীয়া ৰাইজে জুতি ল'বলৈ পাহৰা নাই পৰম্পৰাগত খাদ্যৰ । আজিও চাহিদা কমা নাই পিঠা-পনা, জলপানৰ । পৰম্পৰা অক্ষুণ্ণ ৰাখি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ কলিয়াবৰৰ মাধতাৰী গাঁৱৰ কেতাহী চুবুৰীৰ ঢেঁকীশালত বাঢ়িছে যুৱতী-বোৱাৰীৰ ব্যস্ততা ।