কলিয়াবৰ, 12 জানুৱাৰী :চেনেহৰ ভোগালীলৈ মাজত মাথো এটা দিন বাকী ৷ ইতিমধ্যে শেষ পৰ্যায়ত ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি (Preparations for Bhogali Bihu in Assam) ৷ ভোগালীৰ প্ৰাকক্ষণত ভোগৰ সামগ্ৰীৰে নদন-বদন হৈ পৰিছে ৰাজ্যৰ বজাৰসমূহ ৷ ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে ভোগালী মেলা (Bhogali Mela at Kaliabor) ৷ সমান্তৰালকৈ কলিয়াবৰতো আয়োজন কৰা হৈছে ভোগালী মেলাৰ ৷
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত কলিয়াবৰত আয়োজন কৰা হৈছে এই ভোগালী মেলাৰ(Arrangement of Bhogali Mela) ৷ কলিয়াবৰৰ জখলাবন্ধাৰ এই বজাৰখনত উভৈনদী হৈ পৰিছে তিলপিঠা, ঘিলাপিঠা, বৰপিঠা, নাৰিকলৰ লাড়ু, সান্দহ, চিৰা, চুঙাপিঠা, দৈ আদিৰ উপৰি স্থানীয়ভাৱে প্ৰস্তুত কৰা ফূল, ধূপকাঠি, গামোচা, সাজপাৰ আদি ।
কলিয়াবৰ উন্নয়ন খণ্ডৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনৰ (Bhogali mela organised by assam state rural livelihood mission) আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰে ভৰি পৰিছে বজাৰসমূহ ৷ ভোগালী মেলাৰ জৰিয়তে গোটসমূহে উৎপাদন কৰা বাচকবনীয়া সামগ্ৰী আৰু সেৱাক এখন বজাৰ দিয়াৰ চেষ্টা কৰিছে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনে ৷