অসম

assam

ETV Bharat / state

ভোগালীৰ ব্যাপক প্ৰস্তুতি শতবর্ষ গৰকা নগাঁও ভোগালী উৎসৱ সমিতিৰ - Magh Bihu 2024

Magh Bihu 2024 : ৬ দিনীয়া বিস্তীৰ্ণ কাৰ্য্যসূচীৰে কলঙৰ বাকৰি নেহেৰুৱালীত ভোগালী উৎসৱ উদযাপনৰ ব্যাপক আয়োজন। পূৰ্ণ প্ৰস্তুতি শতবর্ষ গৰকা সদৌ নগাঁও ভোগালী উৎসৱ উদযাপন সমিতিৰ। বিহুৰ দিনা এশ গৰাকী জ্যেষ্ঠ ব্যক্তিক জনাব সম্বৰ্ধনা । যতীন বৰা, প্ৰীতি কংকনাৰ উপস্থিতিত অনুষ্ঠিত হ'ব সাংস্কৃতিক শোভাযাত্ৰা।

Magh Bihu 2024
ভোগালী বিহু উদযাপনৰ আয়োজন

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 6:13 PM IST

নগাঁও ভোগালী উৎসৱৰ প্ৰস্তুতি

নগাঁও, 11 জানুৱাৰী : পদূলিমুখত হেঁপাহৰ ভোগালী বিহু ৷ বিগত বছৰ সমূহৰ দৰে এই বছৰো ভোগালী বিহু উদযাপনৰ বাবে ব্যাপক আয়োজন কৰিছে সদৌ নগাঁও ভোগালী উৎসৱ উদযাপন সমিতিয়ে ৷ কলঙৰ বাকৰি নেহেৰুৱালীত পাঁচ দিনীয়া বিস্তীৰ্ণ কাৰ্যসূচীৰে ভোগালী উৎসৱ উদযাপনৰ বাবে পূৰ্ণ পৰ্যায়ত প্ৰস্তুতি আৰম্ভ কৰিছে শতবর্ষ গৰকা সদৌ ভোগালী উৎসৱ উদযাপন সমিতিয়ে ৷

111 সংখ্যক সদৌ নগাঁও ভোগালী উৎসৱ উপলক্ষে বিহুৰ দিনাই নগাঁৱৰ এশৰো অধিক বয়োজ্যেষ্ঠ লোকক সম্বৰ্ধনা জ্ঞাপন কৰিব উদযাপন সমিতিয়ে ৷ কলঙৰ বাকৰি নেহেৰুৱালীত ভোগালী বিহু উদযাপনৰ বাবে ইতিমধ্যেই ভেলাঘৰ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ কৰি তুলিছে উদযাপন সমিতিয়ে ৷ লগতে মণ্ডপ আৰু অন্যান্য নিৰ্মাণ কাৰ্যও একপ্ৰকাৰ সম্পূৰ্ণ কৰি তুলিছে ভোগালী উৎসৱ উদযাপন সমিতিয়ে ৷

পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া 111 সংখ্যক সদৌ নগাঁও ভোগালী উৎসৱ কাৰ্যসূচী অনুসৰি 14 জানুৱাৰী দেওবাৰে বিয়লি চাৰি বজাত আত্মসহায়ক গোটৰ বিপণি মুকলি কৰাৰ লগতে বিয়লি পাঁচ বজাত ভেলাঘৰত নাম-কীৰ্তন অনুষ্ঠিত হ’ব ৷ একেদৰে 15 জানুৱাৰী পুৱা 8 বজাত ৰাজ্যিক শিশু, নাৰীগৃহ আৰু শংকৰ মিচনত বিহুৰ জলপান বিতৰণ কৰাৰ লগতে নেহেৰুৱালীত বিহুৰ পতাকা উত্তোলন, মেজি প্ৰজ্বলনৰ পিছতেই স্থানীয় বয়োজ্যেষ্ঠ নাগৰিক সকলক বিহুৰ পৰম্পৰা অনুযায়ী শ্ৰদ্ধা জ্ঞাপন আৰু বিহুৰ জলপান গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব ৷

একেদিনাই হেমা দাস সোঁৱৰণী প্ৰইজমানি মুকলি কুইজ প্ৰতিযোগিতা, স্থানীয় শিল্পীসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ ভোগালী বিহু উৎসৱৰ লগত সংগতি ৰাখি 16 জানুৱাৰী অৰ্থাৎ তৃতীয় দিনা বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাৰ লগতে অভিনেতা যতীন বৰা, প্ৰতি কংকনাকে আদি কৰি কেইগৰাকী শিল্পীৰ উপস্থিতিত সাংস্কৃতিক শোভাযাত্ৰাৰো আয়োজন কৰিছে ৷ ভোগালী উৎসৱত সকলোৰে সহায়-সহযোগিতা কামনা কৰিছে উদ্যোক্তা সকলে ৷ উল্লেখযোগ্য যে, 14 জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া সদৌ নগাঁও ভোগালী উৎসৱটি 19 জানুৱাৰীত সদৌ অসম ভিত্তিত অনুষ্ঠিত হ’লগা একাংক নাট প্ৰতিযোগিতাৰে সামৰণি পৰিব ৷

লগতে পঢ়ক :গুৰৰ বাবে বিখ্যাত তিতাবৰৰ ধুবুনী গাঁৱত ভোগালীৰ প্ৰস্তুতি

ABOUT THE AUTHOR

...view details