অসম

assam

ETV Bharat / state

ভাৰতীয় জনতা যুৱ মৰ্চাৰ চেনিটাইজেছন - ক’ভিড

গোঁসাইগাঁৱত ক’ভিডৰ পৰা সুস্থ হোৱা লোকসকলৰ বাসগৃহৰ লগতে আচবাব, গাড়ী, চৌহদ আদি চেনিটাইজ কৰে ভাৰতীয় জনতা যুৱ মৰ্চাৰ নগাঁও জিলা সমিতিয়ে ৷

bharatiya-janata-yuva-morcha-step-against-covid
ভাৰতীয় জনতা যুৱ মৰ্চাৰ চেনিটাইজেছন

By

Published : May 25, 2021, 2:01 PM IST

চামগুৰি,25 মে’: ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি সুন্দৰ শৰ্মাৰ নেতৃত্বত নগাঁৱৰ গোঁসাইগাঁৱত ক’ভিডৰ পৰা সুস্থ হোৱা লোকসকলৰ ঘৰৰ লগতে বহুকেইটা গুৰুত্বপূৰ্ণ স্থানত চেনিটাইজ কৰে মৰ্চাৰ সদস্যসকলে ৷ ক’ভিডৰ পৰা আৰোগ্য লাভ কৰা লোকসকল যাতে পুনৰ সংক্ৰমিত নহয়, তাৰ বাবে অঞ্চলটোত এই পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতীয় জনতা যুৱ মৰ্চাই ৷

বঢ়মপুৰৰ গোঁসাইগাঁৱত ভাৰতীয় জনতা যুৱ মৰ্চাৰ নগাঁও জিলা সমিতিয়ে পিপিই কীট পৰিধান কৰি শেহতীয়াকৈ গাঁৱখনত ক’ভিডৰ সংক্ৰমণৰ পৰা মুক্ত হোৱা লোকসকলৰ ঘৰ, আচবাব, গাড়ী, চৌহদ আদি চেনিটাইজ কৰে ৷

ভাৰতীয় জনতা যুৱ মৰ্চাৰ চেনিটাইজেছন

উল্লেখ্য যে, গাঁৱখনৰ 8 গৰাকীকৈ ক’ভিডত আক্ৰান্ত লোক অৱশেষত ক’ভিড মুক্ত হয় আৰু ইয়াৰ ভিতৰত 5 গৰাকী আছিল একেখন ঘৰৰ । ইফালে বিগত এসপ্তাহ ধৰি যুৱ মৰ্চাৰ সদস্যসকলে বঢ়মপুৰৰ বিভিন্ন ঠাইৰ লগতে জিলাখনৰ বহু অঞ্চলত সুস্থ হোৱা ক’ভিড ৰোগীসকলৰ বাসগৃহলৈ গৈ সকলো আচবাব, গাড়ী, চৌহদ আদি সম্পূৰ্ণৰূপে চেনিটাইজ কৰে ৷

লগতে পঢ়ক :অন্ধকাৰৰ সুযোগ গ্ৰহণ দুৰ্বৃত্তৰ: কাটি তহিলং কৰিলে গছ

ABOUT THE AUTHOR

...view details