নগাঁও, 29 মাৰ্চ:চিআইটিইউ-এ জনোৱা ভাৰত বন্ধৰ (CITU Bharat bandh) মঙলবাৰে দ্বিতীয়টো দিন ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত এই বন্ধৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷ বন্ধৰ সমৰ্থকসকলে দেশজোৰা ধৰ্মঘটৰ অংশ হিচাপে চকা বন্ধ কাৰ্যসূচী পালন কৰে ৷ নগাঁৱতো বন্ধৰ মিশ্ৰিত প্ৰভাৱ(Bharat Bandh effect in Nagaon) পৰা পৰিলক্ষিত হৈছে ৷ বন্ধৰ সমৰ্থনত ৰাজপথলৈ ওলাই অহা চিআইটিইউৰ কৰ্মীসকলক আটক(Bharat Bandh supporters detained) কৰে আৰক্ষীয়ে ৷
কেইবাটাও দাবী উত্থাপন কৰি সংগঠনটোৱে আহ্বান জনাইছিল এই দুদিনীয়া ভাৰত বন্ধৰ ৷ যাক সমৰ্থন জনাই চৰকাৰী কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিবলৈ মঙলবাৰে পুৱা ৰাজপথলৈ ওলাই আহিছিল নিৰ্মাণ শ্ৰমিক সন্থা, ৰান্ধনী সন্থাৰ লগতে আন কেইবাটাও সংগঠনৰ প্ৰতিবাদকাৰী সদস্যসকল ৷ প্ৰায় 14 গৰাকীকৈ প্ৰতিবাদকাৰীক নগাঁও আৰক্ষীয়ে আটক কৰি থানালৈ নিয়ে ৷ নগাঁও ষ্টেট বেংকৰ সন্মুখৰ পৰা আৰক্ষীয়ে আটক কৰে সংগঠনকেইটাৰ নেতা, কৰ্মীসকলক ৷