চামগুৰি, 12 জুন :অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশমৰ্মে বাজিয়াগাঁও ব্লক কংগ্ৰেছৰ উদ্যোগত দেশজুৰি পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ বৃদ্ধি হোৱা মূল্য নিয়ন্ত্ৰণৰ দাবীত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ উল্লেখ্য যে, উক্ত প্ৰতিবাদী কাৰ্যসূচীত শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷
মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত বাজিয়াগাঁও ব্লক কংগ্ৰেছৰ প্ৰতিবাদ
মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশমৰ্মে বাজিয়াগাঁও ব্লক কংগ্ৰেছৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷
মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত বাজিয়াগাঁও ব্লক কংগ্ৰেছৰ প্ৰতিবাদ
মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত বিভিন্ন শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে ৷ তদুপৰি অনাগত দিনত মূল্যবৃদ্ধি নিয়ন্ত্ৰণ নহ'লে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হুংকাৰ দিয়ে কংগ্ৰেছ কৰ্মীসকলে ৷
লগতে পঢ়ক: ক'ভিডৰ ভয়াবহ পৰিৱেশত স্থবিৰ বিচাৰ প্ৰক্ৰিয়া