চামগুৰি,16 জুন:যি সময়ত একাংশই প্ৰকৃতি ধ্বংস কৰি আহিছে তেনে সময়তে প্ৰকৃতিয়ে সময়ে সময়ে নিজৰ ৰূপ সলনি কৰি মানৱ জাতিক প্ৰদৰ্শন কৰি আহিছে নিজৰ মনোমোহা ৰূপ ৷ তাৰেই এক উদাহৰণ নগাঁৱৰ চামগুৰিৰ পদুমনি গাঁৱৰ পদুম পুখুৰী ৷ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 10 কিঃমিঃ নিলগত থকা পদুমণিৰ পদুম পুখুৰীত ফুলিছে হাজাৰ হাজাৰ পদুম ৷ নানান ৰঙীন পদুমৰ মনোমোহা ৰঙে ৰঙীন কৰি তুলিছে ধৰাৰ বুকু ৷
এই পুখুৰীত ফুলা পদুম বিভিন্ন সময়ত বিভিন্ন ধৰ্মৰ লোকে নানা মাংগালিক কাৰ্যত ব্যৱহাৰ কৰি অহাৰ লগতে বিভিন্ন ঔষধি কাৰণতো ব্যৱহাৰ কৰি আহিছে ৷ যাৰ ফলত এই বৃহৎ পদুমনি পুখুৰীৰ পৰাই পদুমনি গাঁৱৰ উৎপত্তি হৈছিল বুলি লোক প্ৰবাদ চলি আহিছে ৷