এজাক সৰিয়হফুলীয়া সপোন ! - Beautiful mustard oil visual from Batadrawa
অশেষ কষ্ট আৰু পৰিশ্ৰমৰ অন্তত মন মুহিব পৰা সৰিয়হ ডৰা দেখি প্ৰাণ পাই উঠিছে কৃষকসকলৰ জীৱন । যেন এখন ফুলাম হালধীয়া দলিচাহে । যি দলিচাক নিশাৰ পৰা পুৱালৈকে সাৱটি ধৰি থাকে এক হালধীয়া হাঁহিয়ে ৷
বটদ্ৰৱা, 27 ডিচেম্বৰঃ শীত মানেই যে প্ৰকৃতিৰ এক বিনন্দীয়া ৰূপ ৷ কাৰণ শীতে লৈ আহে বহু সুখৰ বতৰা ৷ শীতৰ লগত আহে কৃষি-শস্য আদিৰ প্ৰাণচঞ্চল আশাৰ হাঁহি । চাৰিওফালে কুঁৱলীৰ ডাঠ আচ্ছাদনৰ মাজতে প্ৰকৃতিৰ অন্য এক বিনন্দীয়া ৰূপ ৷ নগাওঁ জিলাৰ বটদ্ৰৱা অঞ্চলত এই হালধীয়া ৰঙৰ হাঁহিয়ে মন মুহিছে সকলোৰে । স্থানীয় খেতিয়ক সকলে ব্যক্তিগত খৰচত বহু কষ্টৰে তেওঁলোকৰ পথাৰসমূহত কৰা সৰিয়হৰ খেতি ডৰাই এতিয়া যেন হাঁহিবলৈ আৰম্ভ কৰিছে । অশেষ কষ্ট আৰু পৰিশ্ৰমৰ অন্তত মন মুহিব পৰা সৰিয়হ ডৰা দেখি প্ৰাণ পাই উঠিছে কৃষকসকলৰ জীৱন । যেন এখন ফুলাম হালধীয়া দলিচাহে । যি দলিচাক নিশাৰ পৰা পুৱালৈকে সাৱটি ধৰি থাকে এক হালধীয়া হাঁহিয়ে ৷ এই সন্দৰ্ভত চাওঁক এক প্ৰতিবেদন ...