কলিয়াবৰ, 13 জুলাই :আহোম যুগৰ সুৰীয়া মালিতাৰ অন্যতম হ’ল কমলাকুঁৱৰীৰ সাধু আৰু এইগৰাকী কমলাকুঁৱৰীৰে স্মৃতি বিজড়িত আহোম যুগৰ ঐতিহাসিক ভঁৰালী বৰুৱা পুখুৰী ৷ কিন্তু সংৰক্ষণৰ অভাৱত এতিয়া হাবি জংঘলেৰে ভৰি পৰিছে ঐতিহাসিক এই ভঁৰালী বৰুৱা পুখুৰীটো ৷ শেহতীয়াকৈ ভঁৰালী বৰুৱা পুখুৰীৰ সৌন্দৰ্যবৰ্ধন আৰু সংৰক্ষণৰ বাবে পূৱ-পূৱথৰীয়া আঞ্চলিক পঞ্চায়তে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷
পুখুৰীটোৰ চৌহদৰ বেৰ আৰু পাৰত গছপুলি ৰোপণৰ বাবে আঁচনিৰ কাম সম্পূৰ্ণ কৰি উলিয়াইছে পঞ্চায়তখনে ৷ পুখুৰীটোৰ চৌপাশে বিভিন্ন গছ পুলি ৰোপণৰ লগতে ইয়াক জৈৱ বৈচিত্ৰৰ ভঁড়াল হিচাপে গঢ় দিয়াৰ প্ৰয়াস কৰিছে পঞ্চায়তখনে ৷ আঁচনিখনৰ নামত মুঠ আৱণ্টিত ধনৰ পৰিমান ১৬ লাখ ৬৯ হাজাৰ ৪৩৮ টকা ৷ ইয়াৰে মহাত্মা গান্ধী নিশ্চিত নিয়োগ অধিনিয়মৰ অধীনত প্ৰায় ১১ লাখ ৯৬ হাজাৰ ৮১৫ টকা আৰু ৪ লাখ ৭২ হাজাৰ ৬২২ টকা সা-সামগ্ৰীৰ ব্যয়ৰ বাবে নিৰ্ধাৰণ কৰা হৈছে ৷
প্ৰবাদ অনুসৰি আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত ঠিক শৰাইঘাট ৰণৰ আগে-আগে ৰাজ্যত ভয়ানকভাৱে পানীৰ আকাল হৈছিল ৷ সেই সময়ত কলিয়াবৰত আহোম ৰাজ বিষয়া জয়ধ্বজ ভঁৰালী বৰুৱাই পানীৰ অভাৱ আৰু প্ৰজাৰ কষ্ট নিবাৰণৰ বাবে বহুলোকক লগাই পুখুৰী খন্দাইছিল ৷