অসম

assam

ETV Bharat / state

বটদ্ৰৱা উন্নয়ন খণ্ডত ব্যাপক দুৰ্নীতিৰ অভিযোগ - তথ্য জনা অধিকাৰ আইনৰ দ্বাৰ পোহৰলৈ আহিল ব্যাপক অনিয়ম

এম জি এনৰেগা আঁচনিৰ ধন আত্মসাৎ কৰি ৰাইজৰ ৰোষত পৰিল পঞ্চায়ত প্ৰতিনিধি ৷ তথ্য জনা অধিকাৰ আইনৰ দ্বাৰা পোহৰলৈ আহিছে ব্যাপক অনিয়মৰ ঘটনা ৷

বটদ্ৰৱা উন্নয়ন খণ্ডত ব্যাপক দুৰ্নীতিৰ অভিযোগ

By

Published : Oct 19, 2019, 9:05 PM IST

বটদ্ৰৱা,19 অক্টোবৰ: দুৰ্নীতিৰ বিৰূদ্ধে সততে শূণ্য সহনশীল বুলি দাবী কৰা বিজেপি চৰকাৰৰ দিনত সমাজ কল্যাণ বিভাগত পুনৰ সংঘটিত হৈছে এক বৃহৎ দুৰ্নীতিৰ ঘটনা ৷ অভিযোগ অনুসৰি নগাঁও জিলাৰ বটদ্ৰৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত আমলখি গাওঁ পঞ্চায়তত স্কুলৰ চৌহদত এম জি এনৰেগা আঁচনিৰ অধীনত মাটি পেলোৱাৰ নামত পঞ্চায়ত সভাপতি,সচিব,আৰু জুনিয়ৰ ইঞ্জিনীয়াৰে মিলি আঁচনিৰ 6,50,000 টকা আত্মসাৎ কৰাৰ অভিযোগ ৷ আৰ টি আইৰ জৰিয়তে গাঁৱৰ ৰাইজে পোহৰলৈ আনিলে এই ভয়াৱহ দুৰ্নীতিৰ কথা আৰু ইয়াৰ পাছতে শনিবাৰে ক্ষোভিত ৰাইজৰ ৰোষত পৰিল পঞ্চায়ত সভাপতি নুৰুল্লা শ্বেখ ৷

তথ্য অনুসৰি উন্নয়ন খণ্ডটোৰ আমলখি গাওঁ পঞ্চায়তৰ জৰাজীৰ্ণ অৱস্থাত থকা দক্ষিণ চমকা এল পি স্কুলৰ পথাৰৰ মাজৰ দ' চৌহদত মাটি পেলাবৰ বাবে এম জি এনৰেগা আঁচনিৰ অধীনত ২০১৭/১৮ বৰ্ষত আবন্টন হৈছিল সৰ্বমুঠ 7 লাখ 50 হাজাৰ টকা কিন্তু তাৰে বিদ্যালয়ৰ চৌহদত মাত্ৰ 20-25 হাজাৰ টকা খৰছৰ মাটি পেলাই বাকী ধন আত্মসাৎ কৰাৰ অভিযোগ আমলখি গাওঁ পঞ্চায়তৰ সভাপতি নুৰুল্লা শ্বেখ,সচিব চন্দন নাথ,জি আৰ এছ মফিদুল ইছলাম আৰু জুনিয়ৰ ইঞ্জিনীয়াৰ আবুল হাছিমৰ বিৰূদ্ধে ৷ ৰাইজে অভিযুক্তসকলে ৰাইজক আভুৱা ভাৰিবলৈ বিদ্যালয়ৰ চৌহদত ৪ লাখ ৫০ হেজাৰ টকা খৰছৰ এখন ভুৱা ফলক আৰি দিয়াৰ কথাও সদৰি কৰে ৷ পাছত বিষয়টোৰ ওপৰত স্থানীয় ৰাইজৰ সন্দেহ ওপজাত আৰ টি আইৰ জৰিয়তে প্ৰকৃত তথ্য পোহৰলৈ আহে য'ত বিদ্যালয়ৰ চৌহদত মাটি ভৰোৱাৰ নামত গ্ৰামোন্নয়ন বিভাগে সাত লাখ পঞ্চাশ হাজাৰ টকা আবন্টন দিয়াৰ বুলি উল্লেখ আছে ৷ আৰ টি আই যোগে প্ৰকাশ পোৱা তথ্য অনুসৰি সভাপতি নুৰুল্লা শ্বেখ এণ্ড কোম্পানীয়ে ৬ লাখ ৫০ হেজাৰ টকা আত্মসাৎ কৰা বুলি ৰাইজে অভিযোগ কৰে ৷

বটদ্ৰৱা উন্নয়ন খণ্ডত ব্যাপক দুৰ্নীতিৰ অভিযোগ

উল্লেখযোগ্য যে,এই দুৰ্নীতিৰ বিষয়ত চমকা এল পি স্কুলৰ প্ৰধান শিক্ষক আৰু স্থানীয় ৰাইজে বটদ্ৰৱা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গৰাকীক লিখিত অভিযোগ দাখিল কৰিছিল যদিও কোনো ৰহস্যজনক কাৰণত বিষয়াগৰাকীয়ে অভিযুক্ত নুৰুলা শ্বেখ আৰু তেওঁৰ সংগীসকলৰ বিৰূদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰা বিৰত আছে ৷ এতিয়া প্ৰশ্ন হয় বটদ্ৰৱা উন্নয়ন খণ্ডত সংঘটিত অবাধ দুৰ্নীতিৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে দুৰ্নীতিৰ বিৰূদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা চৰকাৰৰ সমাজ কল্যাণ বিভাগে ৷ বৰ্তমান বিষয়টো সন্দৰ্ভত স্থানীয় বিধায়িকাক বিহীত ব্যৱস্থা ল’বলৈ অনুৰোধ জনাইছে বৃহত্তৰ বটদ্ৰৱাবাসী ৰাইজে ৷

ABOUT THE AUTHOR

...view details