নগাঁও,১৪জুন: ফেচবুকত হিন্দু ধর্মৰ ওপৰত বিতৰ্কিত মন্তব্য কৰা এটা স্বয়ম্ভূ সংখ্যালঘু সংগঠনৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ ৰুজু হোৱাৰ মাত্ৰ কেইটামান দিনৰ পাছতেই পুনৰ আন এক বিতৰ্কিত মন্তব্য কৰিছে সংগঠনটোৱে। এইবাৰ সামাজিক ব্যাধি স্বৰূপ ধৰ্ষণক শাৰীৰিক ব্যায়াম আখ্যা দি স্বয়ম্ভু সংখ্যালঘু সংগঠনটোৱে সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ। ইমানেই নহয়,'বটদ্ৰৱা সংখ্যালঘু যুৱ মঞ্চ' নামৰ অখ্যাত সংগঠনটোৱে ফেচবুকত কৰি আহিছে এনে বহু বিতৰ্কিত মন্তব্য।
ফেচবুকত বিতৰ্কিত 'বটদ্ৰৱা সংখ্যালঘু যুৱ মঞ্চ'ৰ - জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ
"নগ্নতা কাপোৰ যদি আধুনিক ফেছন হয় তেন্তে ধৰ্ষণ হেনো শাৰীৰিক ব্যাম"- ফেচবুকত বিতৰ্কিত মন্তব্য স্বয়ম্ভূ সংখ্যালঘু সংগঠনৰ। সংগঠনটোৰ বিৰুদ্ধে সৰৱ সংগঠন । কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস আৰক্ষী অধীক্ষকৰ।
এইবাৰ "নগ্নতা কাপোৰ যদি ফেশ্বন হয় তেন্তে ধৰ্ষণ শাৰীৰিক ব্যায়াম" বুলি ফেচবুকৰ জৰিয়তে বিতৰ্কিত মন্তব্য কৰিছে সংগঠনটোৱে। এনেদৰে এটাৰ পিছত আন এটা বিতৰ্কিত মন্তব্য কৰা সংগনটোৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। এনে নিকৃষ্ট কাণ্ডত লগত জড়িত ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে
ইপিনে সংগঠনটোৰ দাবীৰ প্ৰতি সহাৰি জনায় এই কাণ্ডত লগত জড়িত ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যবস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰে নগাঁও জিলা আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিয়ে ৷