বটদ্ৰৱা, 20 জানুৱাৰীঃবটদ্ৰৱাৰ ৰাইদঙীয়াত আনন্দত মতলীয়া হৈ পৰিছে গাঁওবাসী । কাৰণ গাঁওখনৰ হৰেশ্বৰ বাবা শিৱ মন্দিৰত আয়োজিত কৰা হৈছে সমূহীয়া বিবাহ কাৰ্য। বিবাহ উপলক্ষে পানী তোলা,মাহ হালধিৰে কল গছৰ তলত দৰা কইনাক নোওৱাৰ লগতে অন্য সকলো যথা ৰীতি সম্পন্ন কৰে ৰাইজে। বিবাহ উপলক্ষে ঢোলৰ মাতত বিভোৰ হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে দৰা কইনাসকলো ৷
ঠেলা লৈ কইনা আনিবলৈ ওলাল বটদ্ৰৱাৰ কেবাজনো যুৱক - হৰেশ্বৰ বাবা শিৱ মন্দিৰ নগাঁও
দৰাচলতে,বৰ্তমান সমাজৰ জাকজমকীয়া অৰ্থসৰ্ৱস্ব বিবাহে বাৰুকৈ সমস্যাত পেলাইছে দৰিদ্ৰ লোকসকলক। আনহাতে পছন্দৰ কইনা ঘৰলৈ চপাই আনিলেও সামাজে স্বীকৃতি নিদিব দৰা কইনাক। সেয়ে দেওবাৰে নিশা গাঁওবাসীয়ে সমূহীয়া বিবাহ কাৰ্যৰে গাঁওখনৰ কেবা যোৰা দৰা-কইনাক সমূহীয়াকৈ বিবাহত বহুৱাই সামাজিক স্বীকৃতি প্ৰদান কৰে।

বটদ্ৰৱাৰ ৰাইদঙীয়াত সমূহীয়া বিবাহ
বটদ্ৰৱাৰ ৰাইদঙীয়াত সমূহীয়া বিবাহ
দৰাচলতে,বৰ্তমান সমাজৰ জাকজমকীয়া অৰ্থসৰ্ৱস্ব বিবাহে বাৰুকৈ সমস্যাত পেলাইছে দৰিদ্ৰ লোকসকলক। আনহাতে পছন্দৰ কইনা ঘৰলৈ চপাই আনিলেও সামাজে স্বীকৃতি নিদিয়ে দৰা কইনাক। সেয়ে দেওবাৰে নিশা গাঁওবাসীয়ে সমূহীয়া বিবাহ কাৰ্যৰে গাঁওখনৰ কেবা যোৰা দৰা-কইনাক সমূহীয়াকৈ বিবাহত বহুৱাই সামাজিক স্বীকৃতি প্ৰদান কৰে। এই বিবাহত বিশেষ আপ্যায়নৰ ব্যৱস্থা নাছিল যদিও বহু আধুনিক জাকজমকীয়া বিবাহৰ আনন্দতকৈ কোনো গুণে কম নাছিল এই নিভাঁজ আনন্দ।
লগতে পঢ়কঃ বৰপেটা সত্ৰৰ বৰখালত দুদিনীয়া কাৰ্যসূচীৰে যাত্ৰা নাট সমাৰোহ