মৰিগাঁও, 9 এপ্ৰিলঃ বটদ্ৰৱা সমষ্টিৰ ধিং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চূড়ান্ত অৱহেলাৰ বাবেই বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত বটদ্ৰৱাৰ হাইডুবি গাৱঁৰ ৰাইজ ৷
জনস্বাস্থ্য কাৰিকৰী বিভাগে বিশুদ্ধ খোৱাপানী যোগানৰ নামত লাখ লাখ টকা ব্যয় কৰি বিভিন্ন ঠাইত পানী যোগান আঁচনি স্থাপন কৰিছে যদিও বিভাগটোৰ একাংশ অকৰ্মন্য বিষয়া কৰ্মচাৰীৰ চুড়ান্ত অৱহেলাৰ বাবেই সম্প্ৰতি সৰহ সংখ্যক পানী যোগান আঁচনি পৰিত্যক্ত অৱস্থাত আছে ৷
এইয়া নগাঁও জিলাৰ ধিং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰিত্যক্ত অৱস্থাত থকা বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰ দৃশ্য । দুবছৰ ধৰি বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আছে বটদ্ৰৱা সমষ্টিৰ হাইডুবি গাৱঁৰ ৰাইজ। পানীৰ পৰা হোৱা বিভিন্ন বেমাৰ আজাৰ ডায়েৰিয়া আৰু মেলেৰীয়া অধ্যূষিত অঞ্চল হিচাপে পৰিচিত বটদ্ৰৱা হাইডুবি গাৱঁৰ ৰাইজক বিশুদ্ধ খোৱাপানী যোগানৰ উদ্দেশ্যে নগাঁও জিলা ধিং জনস্বাস্থ্য কাৰিকৰী বিভাগে এই পানী যোগান আঁচনিটো স্থাপন কৰিছিল। আঁচনিখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত দুই তিনি মাহ ৰাইজক পানী যোগান ধৰিয়েই দায়িত্ব সামৰিলে বিভাগটোৱে। তাৰ ফলস্বৰূপে দুবছৰ ধৰি বিকল হৈ পৰি আছে আঁচনিটো ।
বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত বটদ্ৰৱাৰ হাইডুবি গাৱঁৰ ৰাইজ - DHING
জনস্বাস্থ্য কাৰিকৰী বিভাগে বিশুদ্ধ খোৱাপানী যোগানৰ নামত লাখ লাখ টকা ব্যয় কৰি বিভিন্ন ঠাইত পানী যোগান আঁচনি স্থাপন কৰিছে যদিও বিভাগটোৰ একাংশ অকৰ্মন্য বিষয়া কৰ্মচাৰীৰ চুড়ান্ত অৱহেলাৰ বাবেই সম্প্ৰতি সৰহ সংখ্যক পানী যোগান আঁচনি পৰিত্যক্ত অৱস্থাত আছে
আচঁনিখনত থকা কৰ্মচাৰীয়ে চৰকাৰৰ পৰা মাহে মাহে লৈ আছে বেতন কিন্তু দুৰ্ভাগ্যজনক ভাৱে দুবছৰ ধৰি আঁচনিখনৰ পৰা আজিলৈকে ৰাইজে নাপালে এটুপি খোৱা পানীও ৷ বিভাগীয় কৰ্তৃপক্ষৰ চুড়ান্ত অৱহেলা আৰু অমনোযোগিতাৰ বাবেই বিগত দুই বছৰ ধৰি পৰিত্যক্ত অৱস্থাত থকা বিশুদ্ধ খোৱাপানী যোগান আঁচনিখনৰ অতি প্ৰযোজনীয় ৱাটাৰ ফিল্টাৰ, ৱাটাৰ টেংক আদিত হাবি-জংঘলেৰে ভৰি পৰাৰ লগতে ভাঙি ছিগি গৈছে ৷ আনকি দীৰ্ঘদিন ধৰি পৰিত্যক্ত অৱস্থাত থকাৰ বাবেই আঁচনিখনৰ পৰা পানী যোগান ধৰা ড্ৰাইনেমাৰ,পানী পৰিবাহী পাইপবোৰো ফাঁটি গৈছে ৷ বিশুদ্ধ খোৱাপানী যোগানৰ নামত জনস্বাস্থ্য কাৰিকৰী বিভাগে চৰম প্ৰতাৰণা কৰা গাঁওখনৰ ৰাইজে আইৰনযুক্ত পানী সেৱন কৰি ইতিমধ্যে বিভিন্ন বেমাৰত ভুগিব লগা হৈছে ৷ ৰাইজে অতি সোনকালেই এই পৰিত্যক্ত বিশুদ্ধ খোৱাপানী যোগান আঁচনিখন কাৰ্যক্ষম কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ৷