বটদ্ৰৱা, 27 অক্টোবৰঃ পুত্ৰ কন্যাৰ পৰা অৱহেলিত এহাল বৃদ্ধ দম্পতি ৷ জীৱনৰ বিয়লি বেলাত অসহায় হৈ দম্পতীহালে চলাই গৈছে জীৱন সংগ্ৰাম ৷
পুত্ৰ কন্যাৰ পৰা অৱহেলিত এহাল বৃদ্ধ দম্পতী - বটদ্ৰৱাৰ ৰাইডঙীয়াৰ কুৰুলীয়া পামৰ বৃদ্ধ দম্পতি
বটদ্ৰৱাৰ ৰাইডঙীয়াৰ কুৰুলীয়া পামৰ ভেলাই বৰা আৰু যোগমাই বৰাই যি সময়ত দম্পতীহালে নিজৰ পুত্ৰ বোৱাৰীৰ পৰা শুশ্ৰুষা পাব লাগিছিল সেই সময়ত নিজে কৰিব লগীয়া হৈছে ৰোগাক্ৰান্ত সৰু পুত্ৰৰ শুশ্ৰুষা ৷

বটদ্ৰৱাৰ ৰাইডঙীয়াৰ কুৰুলীয়া পামৰ ভেলাই বৰা আৰু যোগমাই বৰাৰ আছে পুত্ৰ ,কন্যা, বোৱাৰী নাতিসহ আছে এখন ভৰা সংসাৰ । বৰপুত্ৰ বোধেন চন্দ্ৰ বৰা এখন চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু তেওঁৰ দুই পুত্ৰ প্ৰতিষ্ঠিত ব্যৱসায়ী । কিন্তু ইমানৰ পাছতো পুত্ৰ বোৱাৰীৰ পৰা অৱহেলিত হৈ দুৰ্বিসহ জীৱন অতিবাহিত কৰিছে এই বৃদ্ধ দম্পতিয়ে । অনিদ্ৰা অনাহাৰে দিন পাৰ কৰা পিতৃ মাতৃৰ খবৰ ল’বলৈ আহৰি নাই শিক্ষিত পুত্ৰ বোৱাৰীৰ ৷
আনহাতে মানসিক ৰোগত আক্ৰান্ত সৰু পুত্ৰ বিগত আঠ বছৰে শোৱাপাটীত ৷ চৰকাৰৰ পৰা পোৱা বিনামূলীয়া চাউল আৰু ওচৰ চুবুৰীয়াই কৰা সহায়েৰে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে এই দুৰ্ভগীয়া বৃদ্ধ দম্পতিহালে ।