বটদ্ৰৱা, 3 মে : কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আত্মসহায়ক গোটৰ মহিলাসকলে ৰাইজৰ স্বাৰ্থত ঘৰতে মাস্ক তৈয়াৰ কৰিছে ৷ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা আচনিৰ অধীনত বটদ্ৰৱা সমষ্টিৰ দলংঘাট উন্নয়ন খণ্ডৰ অধীনস্থ আত্মসহায়ক গোটৰ মহিলাসকলেও মাস্ক প্ৰস্তুত কৰা উদ্যোগ হাতত লৈছে ।
বটদ্ৰৱাত মাস্ক বিক্ৰী কেন্দ্ৰ উদ্বোধন বিধায়িকা আঙুৰলতা ডেকাৰ
শনিবাৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত বটদ্ৰৱা সমষ্টিৰ কাকমাৰিত মহিলাসকলৰ দ্বাৰা নিৰ্মাণ কৰা মাস্কৰ বিক্ৰী কেন্দ্ৰ মুকলি কৰে বিধায়িকা আঙুৰলতা ডেকাই ।
বটদ্ৰৱাত মাস্ক বিক্ৰী কেন্দ্ৰ শুভাৰম্ভ বিধায়িকা আঙুৰলতা ডেকাৰ
শনিবাৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত বটদ্ৰৱা সমষ্টিৰ কাকমাৰিত মহিলাসকলৰ দ্বাৰা নিৰ্মাণ কৰা মাস্কৰ বিক্ৰী কেন্দ্ৰ মুকলি কৰে বিধায়িকা আঙুৰলতা ডেকাই । অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিৰ্দেশত বটদ্ৰৱা সমষ্টিৰ দলংঘাট উন্নয়ন খণ্ডৰ অধীনস্থ আত্মসহায়ক গোটসমূহে অসমী ব্ৰেণ্ডৰ মাস্ক নিৰ্মাণ কৰি উলিয়াই ৷ লগতে ২৫ টকাত এই মাস্কসমূহ বিক্ৰী কৰাৰ পদক্ষেপ গ্ৰহণ কৰে ।