বটদ্ৰৱা, 9 জানুৱাৰী:যোৱা পাঁচ দিনে সন্ধানহীন হৈ আছে বটদ্ৰৱাৰ এগৰাকী মহিলা ৷ আত্মসহায়ক গোটৰ সভালৈ গৈ নিৰুদ্দেশ মহিলা গৰাকী ৷ মহিলা গৰাকী দুই সন্তানৰ মাতৃ,শ্ৰীমন্ত বৰুৱাৰ পত্নী ৰূপা শইকীয়াবুলি জানিব পৰা গৈছে ৷ 3 জানুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ থকা বটদ্ৰৱাৰ বৰভেটি গাঁৱৰ মহিলাগৰাকীৰ বহু বিচাৰ খোচাৰ কৰিও কোনো সন্ধান উলিয়াব পৰা নাই স্বামীয়ে ৷
বটদ্ৰৱাত পাঁচ দিনে নিৰুদ্দেশ হৈ আছে এগৰাকী মহিলা - ৰূপা শইকীয়া
বটদ্ৰৱাত আত্মসহায়ক গোটৰ সভালৈ গৈ পাঁচ দিন ধৰি নিৰুদ্দেশ এগৰাকী মহিলা ৷ মহিলা গৰাকীৰ নিৰুদ্দেশক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত ৷ বৰ্তমানেও কোনো সম্ভেদ পোৱা নাই মহিলা গৰাকীৰ ৷
পাঁচ দিনে নিৰুদ্দেশ মহিলা
ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱা মহিলা গৰাকীক লৈ তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে অঞ্চলটোত ৷ পত্নীৰ সম্ভেদ নাপাই সম্প্ৰতি বটদ্ৰৱা আৰক্ষীৰ কাষ চাপিছে শ্ৰীমন্ত বৰুৱা নামৰ লোকগৰাকী ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ কোনো সম্ভেদ পোৱা নাই নিৰুদ্দিষ্ট মহিলা গৰাকীৰ ৷
লগতে পঢ়ক:ডিমা হাচাওত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত গাঁফিলতি