অসম

assam

ETV Bharat / state

বটদ্ৰৱাত পৰম্পৰাগত ২০০ বছৰীয়া হৰিনাম - ২০০ বছৰীয়া

বটদ্ৰৱাত পৰম্পৰাগত ২০০ বছৰীয়া হৰিনাম৷ জেঠৰ পূৰ্নিমাত হৰি নাম ধ্বনিৰে মুখৰিত বটদ্ৰৱাৰ আকাশ বতাহ ৷

বটদ্ৰৱাত পৰম্পৰাগত ২০০ বছৰীয়া হৰিনাম

By

Published : Jun 18, 2019, 6:51 AM IST

বটদ্ৰৱা, 18 জুনঃজেঠ মাহৰ পূৰ্ণিমাৰ সোমবাৰৰ দিনটোত ঐতিহ্যময় বটদ্ৰৱাত ২০০ বছৰীয়া পৰম্পৰাক উজ্জিৱীত কৰি পূৰ্নিমাৰ দিনটোতেই অনুষ্ঠিত হয় উলহ-মালহেৰে বৰসবাহ । ২০০ বছৰৰ পূৰ্বে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত কলেৰা, হাইজা আদি মাৰি মৰকৰ পৰা সকাহ পোৱাৰ মানসেৰে দৌল মন্দিৰলৈ বুলি নাম আগবঢ়াই বৌদ্ধ পূৰ্নিমাৰ পৰা জেঠৰ পূৰ্নিমালৈকে প্ৰতি সন্ধ্যা এমাহ জুৰি নাম ৰাখিছিল । সেই সময়ত বাৰিষাৰ কদৰ্যময় বোকা পানী খচকি আৰু বাঘ ভালুকৰ ভয়ত নিশা দৌল মন্দিৰলৈ যোৱাৰ বাট পথ সুচল নথকাত গাঁৱৰ ৰাইজে দৌল মন্দিৰলৈ বুলি দৌলৰ বাটতে থকা বাটচ'ৰাত বহাগৰ পূৰ্নিমাৰ পৰা সম্পূৰ্ণ এটা মাহ নাম ৰাখি জেঠৰ পূৰ্নিমাত এই নামৰ সামৰণী মাৰিছিল । তাহানিৰ সেই পৰম্পৰাক উজ্জৱিত কৰি প্ৰতিবছৰে শলগুৰি সত্ৰৰ ৰাইজে এই বৰসবাহ অনুষ্ঠিত কৰি আহিছে ৷

বটদ্ৰৱাত পৰম্পৰাগত ২০০ বছৰীয়া হৰিনাম

এই উপলক্ষে যোৱা এমাহজুৰি প্ৰতি সন্ধ্যা দৌলৰ বাটত দিহা নাম অনুষ্ঠিত কৰাৰ অন্তত সোমবাৰে সামৰণি উপলক্ষে পুৱাৰে পৰা হৰি নামৰ অমৃতসৰ নিজৰা বোৱাই হৰি নামৰ ধ্বনিৰে মুখৰিত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ আকাশ বতাহ । শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে অংশগ্ৰহণ কৰে এই খোল প্ৰসংগ, নাম প্ৰসংগত । গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত ২০০ বছৰীয়া পৰম্পৰাক জীপাল কৰি বটদ্ৰৱাৰ সলগুৰি সত্ৰই পালন কৰা এই বৰসবাহত সহস্ৰাধিক লোকৰ আগমনে দ্বিতীয় বৈকুণ্ঠ পুৰিলৈ পৰিণত হয় পবিত্ৰ বটদ্ৰৱা ।

ABOUT THE AUTHOR

...view details