বটদ্ৰৱাত শনিবাৰৰ নিশাৰ পৰাই আৰম্ভ হ'ল গুৰুজনাৰ ৪৫১ সংখ্যক তিৰোভাৱ তিথি - কীৰ্তন ঘৰ
নিশালৈকে হৰিনামৰ ধ্বনিৰে মুখৰিত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা । ভকত বৈষ্ণৱে পৰিবেশন কৰিলে কীৰ্তন ঘৰত ঘোষা কীৰ্তন । ভকত বৈষ্ণৱক আপ্যায়ন কৰিবলৈ মিঠৈ বন্ধাত ব্যস্ত থানৰ ভকত সকল ।
বটদ্ৰৱা,31আগষ্টঃ দেওবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫১ সংখ্যক তিৰোভাৱ তিথি । এই তিথি উপলক্ষে নিশা এপৰলৈকে গুৰু কীৰ্তনে মুখৰিত হ'ল বটদ্ৰৱাৰ আকাশ বতাহ । ধৰ্মীয় পৰম্পৰা অক্ষুন্ন ৰাখি আড়ম্বৰপূৰ্ণ ভাবে শনিবাৰে নিশাৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বটদ্ৰৱা থানত এই তিৰোভাৱ তিথি। নিশা গুৰু কীৰ্তনৰ গন্ধ গোৱা হয় । ইপিনে নিশালৈকে ভকত বৈষ্ণৱে কীৰ্তন ঘৰত পৰিবেশন কৰে ঘোষা কীৰ্তন । ইফালে সত্ৰৰ ভকতসকলে গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে সমবেত হ'বলগীয়া তীৰ্থ যাত্ৰী আৰু ভক্ত বৈষ্ণৱক আপ্যায়ন কৰিবলৈ ব্যস্ত মিঠৈ লাড়ু প্ৰস্তুত কৰাত । মুঠৰ ওপৰত বটদ্ৰৱাৰ চৌদিশে এতিয়া বৈছে হৰি নামৰ অমৃতসৰ নিজৰা ৷