বটদ্ৰৱা, 8 জুন : ৭৫ দিনৰ অন্তত সোমবাৰৰ পৰা ভক্ত বৈষ্ণৱৰ বাবে মুকলি কৰা হ'ল বটদ্ৰৱা থান ৷ হাতত চেনিটাইজাৰ আৰু মুখত মাস্ক পৰিধান কৰি গুৰুজনাৰ জন্মস্থানলৈ আজিৰে পৰা আগমন ঘটিল ভকত বৈষ্ণৱৰ । সামাজিক দূৰত্ব বজাই ৰাখি হৰি নামৰ অমল ধ্বনিত মুখৰিত হ'ল বটদ্ৰৱা থান ।
কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে ঘোষণা কৰা লক্ ডাউনৰ পৰিপেক্ষিতত তীৰ্থযাত্রী তথা পৰ্যটকৰ বাবে ২৪ মাৰ্চৰ পৰা বটদ্রৱা থানৰ প্ৰৱেশ দ্বাৰৰ গেটসমূহ বন্ধ কৰি দিয়া হৈছিল । ৭৫ দিনৰ অন্তত চৰকাৰে নীতি নিৰ্দেশনাৰ মাজেৰে আনলক ঘোষণা কৰা পাছত সোমবাৰে বটদ্ৰৱা থান পৰিচালনা সমিতিয়েও চৰকাৰী নিৰ্দেশনা মতে তীৰ্থযাত্রী তথা ভক্ত বৈষ্ণবৰ বাবে বটদ্ৰৱা থানৰ দুৱাৰ মুকলি কৰে ।