নগাও,১৯ এপ্ৰিল : ভক্তিৰসত মুগ্ধ হ'ল নগাও জিলাৰ বটদ্ৰৱাৰ শলগুৰি সত্ৰ । ৪৫০ বছৰীয়া ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা সত্ৰত পালন কৰা হয় পালনাম । সত্ৰখনত একাদশী তিথিৰ পৰা পালন কৰা পালনামৰ সামৰণি পৰে শুকুৰবাৰে । পালনাম উপলক্ষে সত্ৰখনত মঞ্জিৰা নাম, আইসকলৰ নাম, প্ৰসংগ আৰু হৰি-নাম কীৰ্তনৰ আয়োজন কৰা হয় । এই পালনামৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা গুৰুজনাৰ জন্মস্থানখনলৈ আগমন ঘটে অসংখ্য লোকৰ ।
ভক্তিৰসেৰে মুখৰিত 450 বছৰীয়া বটদ্ৰৱা সত্ৰ - ভক্তিৰস
নগাঁৱৰ বটদ্ৰৱাৰ শলগুৰি সত্ৰত ৪৫০ বছৰীয়া ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি পালন কৰা হয় পালনাম
![ভক্তিৰসেৰে মুখৰিত 450 বছৰীয়া বটদ্ৰৱা সত্ৰ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3048674-thumbnail-3x2-paljpg.jpg)
ভক্তিৰসত মুগ্ধ হ'ল নগাও
ভক্তিৰসেৰে মুখৰিত ৪৫০ বছৰীয়া বটদ্ৰৱা সত্ৰ
উল্লেখ্য যে, গুৰুজনাৰ নাতি বোৱাৰী আই কনকলতাই ১৬৫৬ খ্ৰীষ্টাব্দত বৰদোৱা থান পুনৰুদ্ধাৰ কৰাৰ পিছৰে পৰা বটদ্ৰৱা সত্ৰখনত পালনাম পালন কৰি অহা হৈছে ।