অসম

assam

ETV Bharat / state

লক ডাউনঃ বিহুৰ দিনাও বটদ্ৰৱা থানত নাই ভক্তৰ উৎসাহ-উদ্দীপনা

আজি পহিলা ব’হাগ অৰ্থাৎ মানুহ বিহু । বিহুৰ দিনটোত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত নাই ভক্তৰ উৎসাহ-উদ্দীপনা । পাঁচ জন ভকতে নাম কীৰ্তন কৰি পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰে ।

বিহুৰ দিনাও বটদ্ৰৱা থানত নাই ভক্তৰ উৎসাহ-উদ্দীপনা
বিহুৰ দিনাও বটদ্ৰৱা থানত নাই ভক্তৰ উৎসাহ-উদ্দীপনা

By

Published : Apr 14, 2020, 3:43 PM IST

বটদ্ৰৱা, 14 এপ্ৰিলঃ মঙলবাৰে পহিলা ব’হাগ অৰ্থাৎ মানুহ বিহু । প্ৰতি বছৰে অসমীয়া নৱবৰ্ষৰ পহিলা দিনটোত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত গুৰুজনাৰ আশীষ ল'বলৈ অহা ভক্তৰ ভিৰ পৰিলক্ষিত হয় । কিন্তু আজি নাই পূৰ্বৰ দৰে ভক্তৰ সমাগম । কাৰণ ৰাজ্যত চলি আছে লক ডাউন । তাৰ মাজতে পাঁচ জন ভকতেই সামাজিক দূৰত্ব বৰ্তাই ৰখি নাম কীৰ্তন কৰি পৰম্পৰা ৰক্ষা কৰিলে । ভকত বৈষ্ণৱ সকলে নিজ গৃহতেই বিহু পালন কৰি কনিষ্ঠ জনে জেষ্ঠ জনক সেৱা জনাই আৰু আশীৰ্বাদ গ্ৰহণ কৰে ।

বিহুৰ দিনাও বটদ্ৰৱা থানত নাই ভক্তৰ উৎসাহ-উদ্দীপনা

উল্লেখ্য যে, কৰ'ণা ভাইৰাচ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশতে জাৰি হৈ আছে লক ডাউন । এই সময়চোৱাত সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ কোনো অনুষ্ঠানতে পাঁচ গৰাকীতকৈ অধিক লোকৰ সমাবেশ নহ'বলৈ জাননী জাৰি কৰিছিল প্ৰশাসনে ।

ABOUT THE AUTHOR

...view details