বটদ্ৰৱা, 7 জুলাইঃ গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজি বাদ্য খোল তালৰ শব্দৰে মুখৰিত হ'ল শংকৰদেৱ চিত্ৰকলা বিদ্যালয় । শংকৰদেৱ চিত্ৰকলা বিদ্যালয় হাতীচোঙৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ বৰদোৱা সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত ৩০ জুনৰ পৰা আৰম্ভ হোৱা কৰ্মশালাৰ দেওবাৰে সামৰণি পৰে । এই সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি হাতে হাতে গছ পুলি লৈ ওলাই আহিল নগাওঁ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ লগতে শতাধিক ৰাইজ ।
বটদ্ৰৱাত গ্ৰীষ্মকালীন কৰ্মশালাৰ ব্যতিক্ৰমী সামৰণি অনুষ্ঠান... - শংকৰদেৱ চিত্ৰকলা বিদ্যালয়
বটদ্ৰৱাৰ হাতীচোং শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ত গ্ৰীষ্মকালীন কৰ্মশালাৰ ব্যতিক্ৰমী সামৰণি অনুষ্ঠানত গছ পুলি ৰোপণ কাৰ্যসূচী । বন মহোৎসৱৰ সপ্তাহযোৰা কাৰ্যসূচীৰ অন্তিম দিনা বৃহত্তৰ হাতীচোং অঞ্চলকে ধৰি নগাঁও জিলাত ৰোপণ কৰিলে পঞ্চাশ হাজাৰ গছ পুলি ৷
বিধায়ক ৰূপক শৰ্মাৰ মন্তব্য আমি সকলোৱে গছপুলি ৰুলেই নহ'ব তাক প্ৰতিপালনো কৰিব লাগিব । নগাঁও মৰিগাঁও সংযোগী গড়কাপ্তানি পথৰ কাষৰ দুয়োপাৰে সেউজীয়া কৰি ৰখাৰ প্ৰয়াসেৰে কণ কণ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে ৰোপণ কৰিলে গছ পুলি । নগাঁও বন সংমণ্ডলে সহযোগিতা আগবঢ়োৱা এই কাৰ্যসূচীত উপস্থিত থাকে নগাঁও বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰী আৰু সদৰ বনাঞ্চলিক বিষয়া জয়ন্ত কুমাৰ গোস্বামীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি । উল্লেখ্য যে বন মহোৎসৱৰ সপ্তাহৰ অন্তিম দিনালৈকে প্ৰায় ৫০০০০ হাজাৰ গছ পুলি ৰোপণ কৰা হয় বুলি নগাঁও বন সংমণ্ডল বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে । ইপিনে গ্ৰীষ্মকালীন এই কৰ্মশালাৰ সামৰণি অনুষ্ঠানত গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজি সত্ৰীয়া নৃত্য, চিত্ৰাংকন, মুখা শিল্প আদিৰো প্ৰদৰ্শন কৰা হয় ৷
আৰু পঢ়কঃ NRC উন্নীতকৰণৰ নামত হাৰাশাস্তি বিটিচি কাৰ্যবাহী সদস্যক