অসম

assam

ETV Bharat / state

বটদ্ৰৱাত তৃতীয় শ্ৰেণীৰ ছাত্ৰৰ সলিল সমাধি

বটদ্ৰৱাত শোকাৱহ ঘটনা ৷ সোমবাৰে পুখুৰীত গা ধুই থকা অৱস্থাত মৃত্যু ঘটে এজন তৃতীয় শ্ৰেণীৰ ছাত্ৰৰ ৷

By

Published : Jul 8, 2019, 7:05 PM IST

বটদ্ৰৱাত তৃতীয় শ্ৰেণীৰ ছাত্ৰৰ সলিল সমাধি

বটদ্ৰৱা,8 জুলাইঃ বটদ্ৰৱাৰ বাটমাৰীত শোকাৱহ ঘটনা । পুখুৰীত গা ধুই থকা অৱস্থাত মৃত্যু এজন ছাত্ৰৰ । বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত বাটমাৰী গাঁৱত সংঘটিত হৈছে এই শোকাৱহ ঘটনা । বটদ্ৰৱা বাটমাৰী গাঁৱৰ বুলবুল হুছেইন নামৰ লোক জনৰ ১১ বছৰীয়া পুত্ৰ আবু বক্কৰ ছিদ্দিকে বিদ্যালয়ৰ পৰা গৈ ঘৰৰ সন্মুখত থকা এটি পুখুৰীত সমনীয়াৰ সৈতে গা ধুই থাকোতেই ঘটে এই অঘটন । সাঁতুৰি নাদুৰি গা ধুই থকা অৱস্থাত হঠাতে ১১ বছৰীয়া কণমানি ছিদ্দিক পানীৰ মাজত ডুব যায়, লগে লগে সমনীয়াই চিঞৰ বাখৰ কৰাত পৰিয়ালৰ লোকে আহি শিশুটিক উদ্ধাৰ কৰে । উদ্ধাৰ কৰি শিশুটিক বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে । বাটমাৰী জ্ঞানদীপ জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ মেধাবী ছাত্ৰ আবু বক্কৰ ছিদ্দিকৰ অকাল মৃত্যুত অঞ্চলটোত পৰিছে শোকৰ ছাঁ । উল্লেখ্য যে এই পুখুৰীত পূৰ্বেও এটি শিশু গা ধুই থকা অৱস্থাত পানীত পৰি মৃত্যু হৈছিল ।

বটদ্ৰৱাত তৃতীয় শ্ৰেণীৰ ছাত্ৰৰ সলিল সমাধি

ABOUT THE AUTHOR

...view details