অসম

assam

ETV Bharat / state

বটদ্ৰৱাত শাওণীয়া শিৱ মহাপূজা - ASSAM

ঐতিহাসিক বটদ্ৰৱাৰ সোনাই পাৰ গৌৰীনাথ শিৱ মন্দিৰৰ শাওণীয়া শিৱ মহাপূজা আৰু ৰুদ্ৰ মহাযজ্ঞত শ শ দৰ্শনাৰ্থীয়ে ল'লে আৰ্শীষ ।

বটদ্ৰৱাৰ শাওণীয়া শিৱ মহাপূজা

By

Published : Aug 12, 2019, 5:33 PM IST

বটদ্ৰৱাত শাওণীয়া শিৱ মহাপূজা

বটদ্ৰৱা, 12 আগষ্ট : বেদ মন্ত্ৰ আৰু মাংগলিক ধ্বনিৰে মুখৰিত ঐতিহাসিক বটদ্ৰৱাৰ সোনাই পাৰ গৌৰীনাথ শিৱ মন্দিৰ প্ৰাংগণ। শাওণীয়া শিৱ মহাপূজা আৰু ৰুদ্ৰ মহাযজ্ঞত শ শ ভকত বৈষ্ণৱৰ উপস্থিতিত পৰিণত হয় দ্বিতীয় বৈকুণ্ঠপুৰীলৈ। ডেকা,গাভৰু বয়োজ্যেষ্ঠ জনেও মহাৰুদ্ৰ যজ্ঞত প্ৰদান কৰিলে পূৰ্ণাহুতি। বিগত বছৰৰ দৰে এইবাৰো ২০তম শাওণীয়া শিৱ মহাপূজা আৰু ৰুদ্ৰ মহাযজ্ঞলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰা আগমণ ঘটিছে দৰ্শনাৰ্থীৰ ৷ সোমবাৰে শেষৰ দিনা নিত্য পূজা,মহা ৰূদ্ৰ ষোড়ষো প্ৰচাৰ পূজনৰ লগতে আহুতি প্ৰদানত অংশ গ্ৰহণ কৰে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত বৈষ্ণৱে। সন্ধিয়া অনুষ্ঠিত হ'ব লগীয়া মহা আৰতিৰে শিৱ মহাপূজা আৰু ৰুদ্ৰ মহাযজ্ঞৰ কাৰ্যসূচীৰে সামৰণি পৰিব এই অনুষ্ঠানটোৰ ৷

ABOUT THE AUTHOR

...view details