অসম

assam

ETV Bharat / state

বটদ্ৰৱাৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱ মহন্তৰ বিয়োগ

বটদ্ৰৱাবাসীক কন্দুৱাই চিৰদিনৰ বাবে বিদায় ল'লে বটদ্ৰৱাৰ শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱ মহন্তই । মংগলবাৰে নিশা বাৰ্ধক্যজনিত কাৰণত ৯৫ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে সত্ৰাধিকাৰ গৰাকীয়ে ৷

By

Published : Jan 15, 2020, 5:25 PM IST

বটদ্ৰৱা
সত্ৰাধিকাৰৰ বিয়োগ

বটদ্ৰৱা,15 জানুৱাৰীঃ ভোগৰ উৎসৱ ভোগালীৰ উৰুকাৰ নিশা বটদ্ৰৱাবাসীক কন্দুৱাই চিৰদিনৰ বাবে বিদায় ল'লে বটদ্ৰৱাৰ শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱ মহন্তই । ১৯২৫ চনত বটদ্ৰৱা থানৰ পাটশিলাৰ কাষতে থকা এটি কুটীৰত জন্মগ্ৰহণ কৰা পৰমানন্দ দেৱ মহন্তই চিৰকৌমাৰ্য ব্ৰত গ্ৰহণ কৰি, আজীৱন গুৰুসেৱাত ব্ৰতী হৈ একশৰণ নামধৰ্মৰ প্ৰচাৰতে উৎসৰ্গা কৰে জীৱন । মংগলবাৰে নিশা বাৰ্ধক্যজনিত কাৰণত ৯৫ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে সত্ৰাধিকাৰ গৰাকীয়ে ৷

সদ্য প্ৰয়াত শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ

সত্ৰাধিকাৰগৰাকীৰ পিতৃ প্ৰয়াত যোগেশ্বৰ দেৱ মহন্ত আৰু মাতৃ বিদ্যাকান্তি দেৱী ৷ পৰৱৰ্তী সময়ত বটদ্ৰৱাৰ হাটীবহাত থাকি গুৰুসেৱাত নিৰন্তৰ বিভিন্ন লোকক একশৰণ নাম ধৰ্মত দীক্ষিত কৰি শৰণ ভজন কৰিছিল সত্ৰাধিকাৰগৰাকীয়ে ৷

সত্ৰাধিকাৰৰ বিয়োগ

সত্ৰাধিকাৰজনৰ মৃত্যুত সমগ্ৰ বটদ্ৰৱাত শোকৰ ছাঁ পৰিছে । মংগলবাৰে নিশা সত্ৰৰ ভকত-বৈষ্ণৱে উৰুকাৰ ভোজ ত্যাগ কৰি সত্ৰাধিকাৰ গৰাকীৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা নিবেদন কৰে ৷ লগতে গায়ন-বায়নে কল্যাণ খৰমান গীত গাই বটদ্ৰৱাৰ আকাশীগংগাৰ তীৰত নি শেষকৃত্য সম্পন্ন কৰে ।

লগতে চাওকঃকলিয়াবৰত সন্দেহযুক্ত আলফা লিংকমেন গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details