বটদ্ৰৱা, 14 ফেব্ৰুৱাৰীঃমহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আদিপাঠ গ্ৰহন কৰা মহেন্দ্ৰ কন্দলি টোলখনৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ বটদ্ৰৱাত স্থাপন কৰা হৈছিল মহেন্দ্র কন্দলি সংস্কৃত টোল ৷ ৫১০ শঙ্কৰাব্দত স্থাপন কৰা এই সংস্কৃতটোল খনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা পৰ্যাপ্ত আছিল যদিও, এতিয়া হ্ৰাস পাই শূন্যত পৰিণত হৈছে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৷ চাৰিজনকৈ শিক্ষক থকাৰ বিপৰীতে নাই এজনো ছাত্ৰ-ছাত্ৰী ৷
উল্লেখ্য যে, বটদ্ৰৱা মহেন্দ্ৰ কন্দলি সংস্কৃত টোল খনৰ প্ৰৰ্যাপ্ত আন্তঃগাঁথনি থকাৰ লগতে আছে দহ বিঘাকৈ ভূমি ৷ কিন্তু এতিয়া সংকটৰ দিশে গতি কৰা সংস্কৃত টোলখনক লৈ চিন্তিত হৈ পৰিছে সচেতন মহল ৷ এতিয়া প্ৰশ্ন হৈছে শিক্ষা মন্ত্রী হিমন্ত বিশ্ব শর্মাই মাদ্রাছা আৰু সংস্কৃত টোল বন্ধ কৰিবলৈ লোৱা সিদ্ধান্ত সচাঁকৈ যুক্তি সংগত নেকি ?