বটদ্ৰৱা,2 নৱেম্বৰ:সমাগত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ । ৰাজ্যজুৰি চলিছে শ্ৰী কৃষ্ণৰ ৰাসলীলা উপলক্ষে ব্যাপক প্ৰস্তুতি । ৰাসলীলাৰ আখৰাত ইতিমধ্যেই ব্যস্ত হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিশুৰ পৰা বৃদ্ধলৈ সকলো । মাজনিশা দূৰৈৰ আখৰা থলীৰ পৰা ভাঁহি অহা খোল-তাল আৰু বাঁহীৰ সুৰীয়া শব্দই ইতিমধ্যেই সমগ্ৰ অসমতে সৃষ্টি কৰিছে উগুল-থুগুল পৰিৱেশৰ ।
বটদ্ৰৱাত ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি - BATADRAVA RAS MOHOTSAV PREPARATION
এইবৰ্ষত দক্ষিণ জাজৰি বগৰীগুৰিৰৰ এক শৰণ ভাগৱতী সমাজৰ কীৰ্তন ঘৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ। ৰাসৰ আখৰাত ইতিমধ্যে ব্যস্ত হৈ পৰিছে গাওঁখনৰ জীয়ৰী-বোৱাৰী, কিশোৰ-কিশোৰীৰ লগতে শিশুৰ পৰা বৃদ্ধলৈ সকলো শ্ৰেণীৰ লোক ।
ইয়াৰ সমান্তৰালকৈ বটদ্ৰৱাৰ দক্ষিণ জাজৰিতো চলিছে শ্ৰীকৃষ্ণ ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি । এইবৰ্ষত দক্ষিণ জাজৰি বগৰীগুৰিৰৰ এক শৰণ ভাগৱতী সমাজৰ কীৰ্তন ঘৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ। ৰাসৰ আখৰাত ইতিমধ্যে ব্যস্ত হৈ পৰিছে গাওঁখনৰ জীয়ৰী-বোৱাৰী, কিশোৰ-কিশোৰীৰ লগতে শিশুৰ পৰা বৃদ্ধলৈ সকলো শ্ৰেণীৰ লোক । গোপ-গোপী, শিশু শ্ৰীকৃষ্ণ, কংস আৰু অসুৰ আদি ভিন্ন চৰিত্ৰৰে চমক দিবলৈ সাজু হৈছে ভাৱৰীয়া সকল । উল্লেখ্য যে, শান্তি সম্প্ৰতি প্ৰতিষ্ঠাৰ বাবে দক্ষিণ জাজৰি একশৰণ ভাগৱতী সমাজৰ কীৰ্তন ঘৰে প্ৰতিবছৰে উদযাপন কৰি আহিছে শ্ৰীকৃষ্ণ ৰাসলীলা মহোৎসৱ ।