বতা চৰাই পালনেৰে স্বাৱলম্বীতাৰ পথ দেখুৱাইছে বটদ্ৰৱাৰ পূজাই - পূজা শইকীয়া
বটদ্ৰৱা ভেটিয়নি গাঁৱৰ পূজা শইকীয়াই তিনি মাহ পূৰ্বে ২০০ ৰো অধিক বতা চৰাই আনি আৰম্ভ কৰে এই ব্যৱসায় ।
বটদ্ৰৱা, 8 আগষ্টঃ যি সময়ত ৰাজ্যত শিক্ষিত নিবনুৱাই চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাই ফুৰিছে সেই সময়তে বটদ্ৰৱাত বতা চৰাই পালনেৰে স্বাৱলম্বী হৈ বহু জনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে এগৰাকী মহিলাই। বটদ্ৰৱা ভেটিয়নি গাৱঁৰ পূজা শইকীয়াই তিনি মাহ পূৰ্বে ২০০ ৰো অধিক বতা চৰাই আনি আৰম্ভ কৰে এই ব্যৱসায় । আধুনিক বিজ্ঞানসন্মত পদ্ধতিৰে মহিলা গৰাকীয়ে বতা চৰাই পালন কৰি পোৱা কণী বিক্ৰী কৰি মাহে উপাৰ্জন কৰিছে 10000 ৰ অধিক টকা । সম্প্ৰতি বতা চৰাই কণীৰ ঔষধি গুণ থকা বাবেই বজাৰত বৃদ্ধি পাইছে এই কণীৰ চাহিদা । সেইহে উদ্যমী মহিলা গৰাকীৰ মুখত দেখা দিছে অনাবিল আনন্দ । বটদ্ৰৱা ৰাইজেও পূজা শইকীয়াৰ এই পদক্ষেপক সহাৰি জনায় আহিছে ৷