অসম

assam

ETV Bharat / state

কঁকাল ঘূৰাই এপাক নাচিলে বটদ্ৰৱা আৰক্ষীয়ে

বটদ্ৰৱাৰ অন্তৰ্গত বড়িবজাৰ আৰক্ষী চকীৰ কৰ্মৰত আৰক্ষী বিষয়াসকলে ঢোল,পেঁপা,গগনাৰ তালে তালে নাচি ৰঙালী বিহুৰ দ্বিতীয় দিনা বিহুৰ আনন্দ লয় ৷ আৰক্ষীসকলক উৎসাহ-উদ্দীপনা যোগোৱাৰ উদ্দেশ্যে অঞ্চলটোৰ সচেতন নাগৰিক মফিজউদ্দিন আহমেদ আৰু প্ৰভা ডেকাই এই আনন্দত অংশ লয় ৷

By

Published : Apr 15, 2020, 5:51 PM IST

কঁকাল ঘূৰাই এপাক নাচিলে বটদ্ৰৱা আৰক্ষীয়ে
কঁকাল ঘূৰাই এপাক নাচিলে বটদ্ৰৱা আৰক্ষীয়ে

নগাঁও, 15 এপ্ৰিল:ল’কডাউনৰ মাজতে ৰঙালী বিহুৰ দ্বিতীয় দিনাও ঢোল,পেঁপা,গগনাৰ মাতেৰে মুখৰিত হ'ল বড়িবজাৰ আৰক্ষী চকী। জৰুৰীকালীন সেৱাৰ সৈতে জড়িত বটদ্ৰৱাৰ সমীপৱৰ্তী বড়িবজাৰ আৰক্ষী চকীৰ আৰক্ষীসকলে ঢোলৰ ছেৱে ছেৱে কঁকাল ঘূৰাই নাচিলে ৷

কঁকাল ঘূৰাই এপাক নাচিলে বটদ্ৰৱা আৰক্ষীয়ে

ইয়াৰোপৰি অঞ্চলটোৰ সচেতন নাগৰিক মফিজউদ্দিন আহমেদ আৰু প্ৰভা ডেকাই আৰক্ষীসকলক উৎসাহ-উদ্দীপনা যোগোৱাৰ উদ্দেশ্যে একোখনকৈ গামোচা পিন্ধাই আৰক্ষীসকলৰ সৈতে বিহুনাচত অংশ ল’লে ৷ সচেতন লোকদুজনৰ এই কৰ্মক অঞ্চলটোৰ ৰাইজে শলাগ লয় ।

লগতে পঢ়ক : মানকাচাৰত আর্তজনৰ কাষত আৰক্ষী বিষয়া

ABOUT THE AUTHOR

...view details