বটদ্ৰৱা,27 এপ্ৰিলঃএজন শাৰীৰিক ভাৱে অক্ষম যুৱকৰ কৰুণ কাহিনী ৷ ভগ্নপ্ৰায় জুপুৰিত দিন অতিবাহিত কৰিছে যুৱকজনৰ পৰিয়ালে । চৰকাৰী আঁচনিসমুহ যেন এই পৰিয়ালটোৰ বাবে সাধুকথা । যুৱকজনৰ নাম পল্লৱ বৰা ৷ ঘৰ বটদ্ৰৱা সমষ্টিৰ ভকত গাঁও পঞ্চায়তৰ সোণাৰুগুৰিত। কিছু বছৰ পূৰ্বে এক দুৰ্ঘটনাত নিজৰ সোঁ হাতখন হেৰুৱায় পল্লৱে ৷ হাত এখন হেৰুৱাই এখন হাতেৰেই পল্লৱে কৰি গৈছে জীৱন সংগ্রাম । থেলাত শাক-পাচলি লৈ গাঁৱে গাঁৱে বিক্ৰী নিজৰ চাৰিজনীয়া পৰিয়ালটোৰ বাবে অন্নৰ যোগাৰ কৰিছে পল্লৱে ৷ ইফালে দুদিন পূৰ্বে অহা এজাক ধুমুহাই নিমিষতে তচ নচ কৰি থৈ যায় এই পৰিয়ালটোৰ সপোনৰ ঘৰখন । লক ডাউনৰ বাবে ধনৰ অভাৱত তথা নিজে শাৰিৰীকভাৱে অক্ষম হোৱা হেতু ভগা জুপুৰীটো মেৰামতি কৰিবলৈও অসমৰ্থ পল্লৱ ৷
এজন শাৰীৰিক ভাৱে অক্ষম যুৱকৰ কৰুণ কাহিনী! - বটদ্ৰৱা
কিছু বছৰ পূৰ্বে এক দুৰ্ঘটনাত নিজৰ সোঁ হাতখন হেৰুওৱা পল্লৱ বৰাই থেলাত শাক-পাছলি লৈ গাঁৱে গাঁৱে বিক্ৰী নিজৰ চাৰিজনীয়া পৰিয়ালটোৰ বাবে অন্নৰ যোগাৰ কৰিছে ৷ ইফালে দুদিন পূৰ্বে অহা এজাক ধুমুহাই নিমিষতে তচ নচ কৰি থৈ যায় পৰিয়ালটোৰ হেঁপাহৰ ঘৰখন ৷
এজন শাৰীৰিক ভাবে অক্ষম যুৱকৰ কৰুণ কাহিনী!
আনহাতে, চৰকাৰী আঁচনিৰ পৰা বঞ্চিত পৰিয়ালটোৰ আজি পৰ্যন্ত খবৰ লোৱা নাই বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকায়ো ৷ এইদৰে দুৰ্যোগে বেৰি ধৰা পৰিয়ালটোক এতিয়া কেৱল প্ৰয়োজন চৰকাৰ কিম্বা দল সংগঠনৰ লগতে কোনো সুহৃদৰ কিছু সহায়ৰ ।