বটদ্ৰৱা,6 ফেব্ৰুৱাৰীঃ আৰক্ষীৰ ছত্ৰছায়াত বটদ্ৰৱাত মুকলিকৈ চলিছে জুৱাৰ বেহা, এই অভিযোগ স্থানীয় ৰাইজৰ ৷ বটদ্ৰৱাৰ অন্তৰ্গত ভেৰভেৰীত দিনে-নিশাই চলিছে এই জুৱা । আৰক্ষীৰ জ্ঞাতসাৰে চলি থকা এই জুৱাৰ ফলত ধ্বংসৰ গৰাহত পৰিছে একাংশ বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্র ৷ সকলো দেখিও চকু মুদা কুলিৰ ভাও জুৰি আছে নগাঁও তথা বটদ্ৰৱা আৰক্ষী । বিজেপিৰ এজন পালিনেতা আৰু প্ৰাক্তন সেনা জোৱানে আৰক্ষীৰে বুজাবুজি কৰি দীৰ্ঘদিনৰ পৰা অঞ্চলটোত চলাই আহিছে মুকলি জুৱাৰ আড্ডা ।
বটদ্ৰৱাত আৰক্ষীৰ ছত্ৰ ছায়াত মুকলি জুৱা ! - নগাঁও তথা বটদ্ৰৱা আৰক্ষী
বটদ্ৰৱা আৰক্ষীৰ জ্ঞাতসাৰে অব্যাহত জুৱাৰ ফলত ধ্বংসৰ গৰাহত পৰিছে একাংশ বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্র ৷ সকলো দেখিও চকু মুদা কুলিৰ ভাও জুৰি আছে নগাঁও তথা বটদ্ৰৱা আৰক্ষী । বিজেপিৰ এজন পালিনেতা আৰু প্ৰাক্তন সেনা জোৱানে আৰক্ষীৰে বুজাবুজি কৰি দীৰ্ঘদিনৰ পৰা অঞ্চলটোত চলাই আহিছে মুকলি জুৱাৰ আড্ডা । কিন্তু ৰহস্যজনকভাৱে এই সন্দৰ্ভত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই স্থানীয় বিধায়িকা আঙুৰলতা ডেকাই ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷
বৰ্তমান নগাঁও জিলাৰ পশ্চিমাঞ্চলত সুলভ এই জুৱাৰ আড্ডা । জুৱাৰ ফলত ইতিমধ্যে অঞ্চলটোৰ বহু লোকৰ ঘৰ থান-বান হৈ পৰিছে । কিন্তু ৰহস্যজনকভাৱে এই সন্দৰ্ভত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই স্থানীয় বিধায়িকা আঙুৰলতা ডেকাই ৷ ইফালে শংকৰ অধিৱেশন আৰু ইস্তেমা আৰম্ভ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই জুৱা অধিক প্ৰচলিত হোৱাৰ আশংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজে ৷ পৰৱৰ্তী সময়ত বিধায়িকা তথা প্ৰশাসনে এই সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰিব নে বিজেপিৰ পালিনেতা বাবে অপৰাধী সাৰি যাব সেয়া হ’ব লক্ষণীয় ৷
লগতে চাওকঃপলাশবাৰীত ভয়ানক অগ্নিকাণ্ডঃ কথমপি প্ৰাণৰক্ষা তিনিজনৰ