অসম

assam

ETV Bharat / state

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতিঃ পত্নীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা! - etv_assam

নগাঁৱৰ ধিঙৰ জেঙনীত নিজ পত্নীক হত্যাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে । অভিযোগ অনুসৰি হত্য়াকাৰী স্বামীৰ অন্য যুৱতীৰ লগত চলি আছিল প্ৰেমৰ সম্পৰ্ক । দীৰ্ঘ দিন ধৰি নিজ পত্নীক চলাই আহিছিল শাৰীৰিক আৰু মানসিক নির্যাতন ।

ধিঙত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি

By

Published : Jun 12, 2019, 9:02 PM IST

বটদ্ৰৱা,১২ জুনঃ বুধবাৰে ধিঙত এটা পুখুৰীত ৰহস্যজনক ভাৱে উদ্ধাৰ এগৰাকী বোৱাৰীৰ মৃতদেহ । এই ঘটনা সংঘটিত হৈছে নগাঁৱৰ ধিঙৰ জেঙনীত । জেঙনীস্থিত ষ্টেট বেংকৰ চি এচ পিৰ স্বত্বাধিকাৰী ছেলিমা বেগমৰ মৃতদেহ এইদৰে পুখুৰীত উদ্ধাৰ হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে । ৰাইজৰ তথা বোৱাৰীগৰাকীৰ পৰিয়ালৰ অভিযোগ স্বামী ছাইফুল ইছলামৰ পৰকীয়া প্ৰেমৰ বাবেই দীৰ্ঘ দিন ধৰি নিজ পত্নীক চলাই আহিছিল শাৰীৰিক আৰু মানসিক নির্যাতন । অভিযোগ মতে,ছাইফুলৰ দীৰ্ঘ দিন ধৰি চলি আছিল অন্য যুৱতীৰ লগত প্ৰেমৰ সম্পৰ্ক । সেই কথা পত্নীয়ে গম পাই বাধা দিয়াৰ ফলত নিতৌ নিৰ্যাতনৰ বলি হবলগীয়া হৈছিল দুৰ্ভগীয়া ছেলিমা বেগম ।

ধিঙত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি

উপায়ন্তৰ হৈ লম্পট স্বামীৰ কুকৰ্মৰ কথা ফোনযোগে জনাইছিল ছেলিমাই পিতৃ গৃহক । যাৰ বাবেই লম্পট ছাইফুলে পত্নীক হত্যা কৰি পুখুৰীত ৰহস্যজনক ভাৱে পেলাই আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ লগতে পৰিয়ালৰ লোকৰ । ইফালে মৃতদেহৰ মুখ মণ্ডলত তেজৰ চেঁকুৰা আৰু শৰীৰ বিভিন্ন ঠাইত আঘাতৰ চিন স্পষ্ট । পিছত ঘটনাস্থলীত ধিং আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে নগাঁৱলৈ ।

ABOUT THE AUTHOR

...view details