নগাঁও, 25 অক্টোবৰঃ চতুৰ্থ দিনত ভৰি দিলে সংখ্যালঘু গণতান্ত্ৰিক যুৱ ছাত্ৰ ফেডাৰেচনৰ ধাৰাবাহিক অনশন কার্যসূচীয়ে ।বটদ্ৰৱাত চলি থকা সংখ্যালঘু গণতান্ত্ৰিক যুৱ ছাত্ৰ ফেডাৰেচনৰ ধাৰাবাহিক অনশন কার্যসূচীয়ে শুকুৰবাৰে চতুৰ্থ দিনত ভৰি দিয়ে । দুলাল চন্দ্ৰ পাল,সন্তোষ বিশ্বাস, কবুতৰ বাসফুৰ,প্ৰভা ৰায়, হুছেইন আলী,পুনা মুণ্ডা,সুৰজ আলী,ফালু দাস আৰু ডেৰমহীয়া শিশু নজৰুল ইছলামসহ মুঠ ২৬ গৰাকী ভাৰতীয় নাগৰিকৰ ডিটেনশ্যন কেম্পত মৃত্যু হোৱাৰ পাছত ডিটেনশ্যন কেম্প বন্ধ কৰাৰ দাবীত এই ধাৰাবাহিক অনশন কার্যসূচী গ্ৰহণ কৰি আহিছে ৷ এই অনশন কার্যসূচীত অংশ গ্ৰহণ কৰি সংখ্যালঘু গণতান্ত্ৰিক যুৱ ছাত্ৰ ফেডাৰেচনৰ সাধাৰণ সম্পাদক আশ্বাদুল হক চৌধুৰীয়ে "ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু শ্ৰমজীৱি জনতাৰ নাগৰিকত্বক লৈ প্ৰতিখন চৰকাৰে হেতালি খেলি আহিছে। আনকি বৃহস্পতিবাৰে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা জনীয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে প্ৰকৃত ভাৰতীয়ৰ নাগৰিক সকলৰ ডিটেনশ্যন কেম্প বা উন্নয়নৰ কথা নকৈ বিজেপিৰ বহুবল্কী বিধায়ক শিলাদিত্যৰ লগতহে কথাৰ মেল আৰম্ভ কৰিছে। যিটো সংখ্যালঘু ৰাইজৰ কামনা নহয়। আৰু আমি এই ধাৰাবাহিক অনশন কার্যসূচী ৰাইজৰ সমৰ্থন থকালৈকে চলাই যাম।" বু্লি মন্তব্য প্ৰদান কৰে।
নগাঁৱত সংখ্যালঘু গণতান্ত্ৰিক যুৱ ছাত্ৰ ফেডাৰেচনৰ অনশন অব্যাহত - সংখ্যালঘু গণতান্ত্ৰিক যুৱ ছাত্ৰ ফেডাৰেচন
"ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু শ্ৰমজীৱি জনতাৰ নাগৰিকত্বক লৈ প্ৰতিখন চৰকাৰে হেতালি খেলি আহিছে। আনকি বৃহস্পতিবাৰে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা জনীয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে প্ৰকৃত ভাৰতীয়ৰ নাগৰিক সকলৰ ডিটেনশ্যন কেম্প বা উন্নয়নৰ কথা নকৈ বিজেপিৰ বহুবল্কী বিধায়ক শিলাদিত্যৰ লগতহে কথাৰ মেল আৰম্ভ কৰিছে।
![নগাঁৱত সংখ্যালঘু গণতান্ত্ৰিক যুৱ ছাত্ৰ ফেডাৰেচনৰ অনশন অব্যাহত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4868354-thumbnail-3x2-nagaon.jpg)
নগাঁৱত সংখ্যালঘু গণতান্ত্ৰিক যুৱ ছাত্ৰ ফেডাৰেচনৰ অনশন অব্যাহত
উল্লেখ্য যে এই কাৰ্যসূচীত প্ৰতিকূল বতৰকো নেওচি যোৱা ২২ অক্টোবৰৰ পৰা বটদ্ৰৱাৰ জামতল কৰৈগুড়িত অসম মজুৰি শ্ৰমিক ইউনিয়ন ফৰাম ফ'ৰ চ'ছিয়েল হাৰমনিৰ সহযোগত চলি থকা ধাৰাবাহিক অনশন কার্যসূচীত পাঁচ বছৰ ধৰি ডিটেনশ্যন কেম্পত থকা নগাঁও চকিটোপৰ সুকুমাৰ বৰ্মনৰ পিতৃ মাতৃ উপেন্দ্ৰ বৰ্মন,পাৰ্বতী বৰ্মন, চাৰি বছৰ ধৰি ডিটেনশ্যন কেম্পত থকা আনোৱাৰ বেগমৰ স্বামী ছাহাৱ উদ্দিন, এমদাদুল ইছলাম, আনছাৰুল হককে প্ৰমুখ্য কৰি পুৰুষ মহিলাই অংশ গ্ৰহণ কৰিছে।
নগাঁৱত সংখ্যালঘু গণতান্ত্ৰিক যুৱ ছাত্ৰ ফেডাৰেচনৰ অনশন অব্যাহত
লগতে চাওকঃ শৰাইঘাটত উদ্ধাৰ গৰাকীবিহীন বাহন: সম্ভেদ নাই গৰাকীৰো