অসম

assam

By

Published : Apr 19, 2020, 1:09 PM IST

ETV Bharat / state

লক ডাউনৰ প্ৰভাৱ: কেৰালাত আবদ্ধ বটদ্ৰৱাৰ শ্ৰমিক

লক ডাউনৰ বাবে কেৰালাত আবদ্ধ হৈ আছে অসমৰ ৭১ জন যুৱকসহ শিশু শ্ৰমিক । খাদ্যৰ অভাৱত অস্বাস্থ্যকৰ পৰিৱেশত দুৰ্বিষহ জীৱন কটাইছে শ্ৰমিকসকলে । উপায়হীন হৈ তেওঁলোকে অসম চৰকাৰৰ লগতে বিধায়িকা আঙুৰলতা ডেকালৈ সহায় ভিক্ষা মাগিছে ।

কেৰালাত আবদ্ধ বটদ্ৰৱাৰ শ্ৰমিক
কেৰালাত আবদ্ধ বটদ্ৰৱাৰ শ্ৰমিক

বটদ্ৰৱা, 19 এপ্ৰিল :দেশত লগ ডাউন ঘোষণা হোৱাৰ পিছৰে পৰা বহিঃৰাজ্যত আবদ্ধ হৈ আছে অসমৰ বহু লোক । শেহতীয়াকৈ নগাঁও আৰু মৰিগাঁও জিলাৰ ৭১ জন শ্রমিক কেৰালাৰ মালাপ্পুৰমত আবদ্ধ হৈ থকাৰ তথ্য পোহৰলৈ আহিছে । ইয়াৰে সৰহসংখ্যক শ্ৰমিক বটদ্ৰৱা সমষ্টিৰ বুলি জানিব পৰা গৈছে ।

কেৰালাত আবদ্ধ বটদ্ৰৱাৰ শ্ৰমিক

হাতত থকা জমা ধন শেষ হোৱা হেতুকে তীব্ৰ খাদ্য সংকটত ভুগিছে এই শ্ৰমিকসকল । মালিক পক্ষৰ পৰা কোনো সঁহাৰি নেপোৱাত অসমৰ এইসকল শ্ৰমিকে একেটা কোঠাতে অ-স্বাস্থ্যকৰ পৰিৱেশত অনিদ্ৰা-অনাহাৰে দিন অতিবাহিত কৰিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হৈছে । উপায়ন্তৰ হৈ তেওঁলোকে অসম চৰকাৰ তথা বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতাক সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনায় ৷

লগতে পঢ়ক : কৃষি আৰু পশুধনৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সংবাদমেল কৃষিমন্ত্ৰী অতুল বৰা

ABOUT THE AUTHOR

...view details