বটদ্ৰৱা, 25 নৱেম্বৰ: এখন ঐতিহাসিক সত্ৰ । গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ নিচেই কাষতে থকা ঐতিহ্যমণ্ডিত কোবাই কটা সত্ৰত সোমবাৰে একত্ৰিত হ’ল হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোক। উদ্দেশ্য সতী ৰাধিকা স্মৃতি বিজড়িত সত্ৰখনৰ উন্নয়ন আৰু সুৰক্ষা। এই সত্ৰখনৰ ওচৰে পাজৰে নাই কোনো হিন্দু ধৰ্মৰ লোক। কিন্তু সত্ৰখন আজিও সুৰক্ষিত। নিতৌ মনিকূটত জ্বলে বন্তি,বাজে দবা ।
সত্ৰৰ এই নিত্য নৈমিত্তিক কাৰ্যত সহযোগত কৰে স্থানীয় মুছলমান লোকে । গুৰুজনাই জাতি,ধৰ্ম,বৰ্ণ নিৰ্বিশেষে বৃহৎ অসমীয়া জাতি গঠনৰ যি সপোন দেখিছিল তাৰেই যেন এক বিৰল নিদৰ্শন দাঙি ধৰিছে এই কোবাই কটা সত্ৰই। সাম্প্ৰদায়িক ভেদাভেদ একাকাৰ কৰি এখন সত্ৰ উন্নয়নৰ বাবে গঠন কৰিলে সমিতি । য’ত আছে স্থানীয় বহু কেইগৰাকী মুছলমান লোক।