অসম

assam

ETV Bharat / state

বটদ্ৰৱাৰ হাইডুবিত আত্মহত্যা কৰাক লৈ উত্তপ্ত পৰিস্থিতি

ড্ৰাগছ মাফিয়াক ৰক্ষণাবেক্ষণৰ দিয়াৰ অভিযোগত বটদ্ৰৱা আৰক্ষীক ঘেৰাও ৰাইজৰ । এগৰাকী মহিলাৰ আত্মহত্যা ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ৷

বটদ্ৰৱাৰ হাইডুবিত আত্মহত্যা কৰাক লৈ উত্তপ্ত পৰিস্থিতি
বটদ্ৰৱাৰ হাইডুবিত আত্মহত্যা কৰাক লৈ উত্তপ্ত পৰিস্থিতি

By

Published : Mar 21, 2020, 10:50 PM IST

বটদ্ৰৱা, 21 মাৰ্চ: বটদ্ৰৱাৰ হাইডুবিত উত্তপ্ত পৰিস্থিতি । ৰাইজে দিলে আৰক্ষীক তুলধূনা । এগৰাকী মহিলাৰ আত্মহত্যা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । শনিবাৰে বটদ্ৰৱাৰ হাইডুবিত এগৰাকী মহিলাই ড্ৰাগছ আসক্তৰ স্বামী মুন্তাজ আলীৰ বিৰুদ্ধে দুদিন পূৰ্বে বটদ্ৰৱা থানত দাখিল কৰিছিল এজাহাৰ ।

কিন্তু ৰহস্যজনক ভাবে আৰক্ষীয়ে মুন্তাজ আলীক আটক নকৰি ওলোটাই মহিলা গৰাকীক দাবী ধমকি দিয়ে । তাৰ পাছতেই স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি শনিবাৰে বিয়লি মহিলাগৰাকীয়ে আত্মহত্যা কৰে । বটদ্ৰৱা আৰক্ষীয়ে মৃতদেহ চমজি লবলৈ যাওঁতেই স্থানীয় পুৰুষ মহিলাই বটদ্ৰৱা আৰক্ষীক উভতি ধৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে ।

নগাওঁ আৰক্ষীৰ উচচ পদস্থ আৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত নোহোৱা পৰ্যন্ত বটদ্ৰৱা আৰক্ষীক ঘেৰাও কৰি ৰাখে স্থানীয় ৰাইজে । অৱশেষত উপ আৰক্ষী অধীক্ষক মানস শইকীয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি মৃতদেহ চমজি লয় ।

বটদ্ৰৱাৰ হাইডুবিত আত্মহত্যা কৰাক লৈ উত্তপ্ত পৰিস্থিতি

উল্লেখ্য যে, ড্ৰাগছ মাফিয়াৰ লগত বটদ্ৰৱা আৰক্ষীৰ গোপন বুজাবুজি থকাৰ বাবেই অকালতে মৃত্যুক সাৱটি ললে এই মহিলাগৰাকীয়ে । বটদ্ৰৱা অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিয়াত ৰাইজ শান্ত হয় ।

দিছপুৰত কৰ'ণা আতংকঃ সামাজিক দুৰত্ব বজাই চলিছে মন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details