অসম

assam

ETV Bharat / state

স্বয়ং পিতৃয়ে আটক কৰিলে পুত্ৰহন্তাক

গাড়ী চুৰি চক্ৰৰ লগত জড়িত পুত্ৰৰ হত্যাকাৰীক আটক কৰিলে এগৰাকী সাহসী পিতৃয়ে ৷ পুত্ৰ হত্যাকাৰীৰ বিৰুদ্ধে দুৰ্ভগীয়া বৃদ্ধ পিতৃয়ে ৰাজ্যৰ চুকে কোণে এটাৰ পিছত এটাকৈ চলাই গৈছিল অভিযান ৷ আৰক্ষীৰ গাফিলতিৰ বাবে ভুক্তভোগী পৰিয়ালে অপৰাধীৰ সন্ধানত অব্যাহত ৰাখিছিল অভিযান ৷

By

Published : Jul 4, 2021, 1:47 PM IST

batadrava-incident-kidnappers-arrested
লজ্জানত অসম আৰক্ষী: পিতৃয়ে আটক কৰিলে পুত্ৰহন্তাক

নগাঁও, 4 জুলাই : অসম আৰক্ষী (Assam Police)ক লজ্জানত কৰি এটা বৃহৎ গাড়ী চুৰি চক্ৰ আৰু হত্যাকাৰীৰ বিৰুদ্ধে অভিযান চলাই এগৰাকী দুৰ্ভগীয়া বৃদ্ধ পিতৃয়ে আটক কৰিবলৈ সক্ষম হ’ল পুত্ৰহন্তা অভিযুক্তক ৷ পুত্ৰৰ হত্যাকাৰীৰ বিৰুদ্ধে লোকজনে এটাৰ পিছত এটাকৈ চলাই গৈছিল তীব্ৰ অভিযান ৷ নগাঁও জিলাৰ বটদ্ৰৱাৰ ধূপগুৰিৰ এটা সাধাৰণ পৰিয়ালত জানুৱাৰী মাহতে সংঘটিত হৈছিল এক হৃদয় বিদাৰক জঘন্য হত্যাকাণ্ড । আবজল আলী নামৰ যুৱকজনে এটা বৃহৎ গাড়ী চুৰি চক্ৰৰ কবলত পৰি হেৰুৱাবলগীয়া হৈছিল প্ৰাণ ৷

লজ্জানত অসম আৰক্ষী: পিতৃয়ে আটক কৰিলে পুত্ৰহন্তাক

আবজল আলীয়ে নিজৰ টাটা ম’বাইল গাড়ীখনেৰে ভাড়া মাৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল । যি যাত্রাই আছিল তেওঁৰ বাবে শেষ যাত্ৰা ৷ বহুসময় ধৰি পৰিয়ালৰ লগত যোগাযোগ নোহোৱাত পৰিয়ালৰ লোক চিন্তিত হোৱাৰ লগতে সন্দেহ ঘনীভূত হয় ৷ এনেকৈয়ে দুটা দিন পাৰ হৈ যোৱাত নিৰুপায় হৈ পৰিয়ালৰ লোক আৰক্ষীৰ কাষ চাপে । পৰৱৰ্তী সময়ত আৰক্ষীয়ে অনুসন্ধান কৰি বৃহৎ চক্ৰটোৰ সম্ভেদ লাভ কৰে যদিও অভিযুক্তক আটক কৰিবলৈ সক্ষম নহ’ল ।

তাৰ পিছতে বৃদ্ধ পিতৃয়ে পুত্ৰৰ মৃতদেহ আৰু হত্যাকাৰীক বিচাৰি অভিযান আৰম্ভ কৰে ৷

পৰিয়ালৰ লোকক সংগী হিচাপে লৈ নিজৰ মালবাহী টেম্প’খনকে সাৰথি হিচাপে লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত বিচাৰিব ধৰিলে অপৰাধীক । অৱশেষত ২৫ মাৰ্চত বিশেষ সূত্ৰৰ পম খেদি নগাঁৱৰ জাজৰিৰ পৰা পুত্ৰৰ মৃতদেহটো দুৰ্ভগীয়া পিতৃয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ কিন্তু পুত্ৰই ভাড়া মাৰিবলৈ লৈ যোৱা গাড়ীখন আৰু যাৱতীয় নথিপত্ৰসমূহ আজিপৰ্যন্ত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । বৃদ্ধ পিতৃয়ে তিনিজনকৈ অভিযুক্ত ক্ৰমে বটদ্ৰৱা-ৰামপুৰ সত্ৰৰ কুখ্যাত গাড়ী চোৰ খাইৰুল ইছলাম, দিলদাৰ হুছেইন আৰু বৰপেটাৰ মোবাৰক আলীক আটক কৰি আৰক্ষীক চমজাই দিয়ে ।

অভিযোগ অনুসৰি, উক্ত ডকাইতৰ দলটোত আছে সমগ্ৰ অসম জুৰি থকা এক বৃহৎ নেটৱৰ্ক । কৰায়ত্ব কৰা উক্ত দুৰ্ধৰ্ষ অভিযুক্তকেইটাই পূৰ্বে এনে বহু জঘন্য ঘটনা সংঘটিত কৰি ৰঙাঘৰৰ আলহী হোৱাৰো আছে কেইবাটাও উদাহৰণ । ২৮ জুনত অভিযুক্ত মোবাৰক আলীক কাৰ্বি আংলং (Karbi Anglong)জিলাৰ বলং পাহাৰ গেটৰ পৰা আটক কৰি নগাঁও সদৰ আৰক্ষী (Nagaon Police Station)ক চমজাই দিয়া হৈছিল ।

স্বয়ং পিতৃয়ে আটক কৰিলে পুত্ৰহন্তাক

সদৰ আৰক্ষীয়ে দোষীক অধিক সোধ-পোচ নকৰি তৎকালে জেল হাজোতলৈ প্ৰেৰণ কৰাক লৈ সম্প্ৰতি সৰৱ হৈ পৰিছে মৃত যুৱকজনৰ পৰিয়াল । কাৰণ আৰক্ষীয়ে এজনৰ পিছত আনজন অভিযুক্তৰ ঠিকনা লাভ কৰিবলৈ সক্ষম হৈছিল কেৱল মাত্ৰ আটক কৰা অভিযুক্তকেইটাৰ পৰা । ইতিমধ্যে পৰিয়ালৰ লোকে উক্ত ঘটনাৰ লগত বহুকেইজন অভিযুক্ত জড়িত হৈ আছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ৷

কিন্তু এতিয়াও আৰক্ষী বিষয়াৰ গাফিলতিৰ বাবেই দুজনকৈ দুৰ্ধৰ্ষ অভিযুক্তৰ ঠিকনা পোৱা হোৱা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷ দুৰ্ভগীয়া পৰিয়ালটোৱে উপায়ন্তৰ হৈ অৱশেষত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা (CM Himanta Biswa Sarma) আৰু নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক উক্ত বিষয় সন্দৰ্ভত সঠিক তদন্ত কৰি দোষীক কঠোৰতকৈ কঠোৰ শাস্তি বিহিবলৈ কাতৰ অনুৰোধ জনায় দুৰ্ভগীয়া পৰিয়ালটোৱে ৷ দুৰ্ভগীয়া পৰিয়ালটোৱে ন্যায় পাবলৈ আৰু কিমান দিন অপেক্ষা কৰিব লাগিব সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব ।

লগতে পঢ়ক :আৰক্ষীক দাৰে ঘপিয়াই পলাই গ’ল বাবুল

ABOUT THE AUTHOR

...view details