অসম

assam

ETV Bharat / state

বটদ্ৰৱাত ভূ-মাফিয়াৰ বিৰুদ্ধে প্ৰশাসনৰ উচ্ছেদ অভিযান

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ৷ বাতৰি পৰিবেশনৰ পাচতেই বটদ্ৰৱাত চৰকাৰী ভূমিত ভূ-মাফিয়াই খন্দা বৃহৎ বৃহৎ পুখুৰীত প্ৰশাসনে চলালে উচ্ছেদ অভিযান । বটদ্ৰৱা থান পৰিচালনা সমিতিৰ লগতে বিভিন্ন দল সংঘঠনৰ ইটিভি ভাৰতক ধন্যবাদ ৷

বটদ্ৰৱাত ভূ-মাফিয়াৰ বিৰুদ্ধে প্ৰশাসনৰ উচ্ছেদ অভিযান

By

Published : Apr 25, 2019, 5:57 PM IST

বটদ্ৰৱা,25এপ্ৰিল: ইটিভি ভাৰতৰ বাতৰি পাচতেই গা লৰিল নগাঁও জিলা প্ৰশাসনৰ । নগাঁৱৰ বটদ্ৰৱাৰ ৰাইদঙীয়াৰ খলিহামাৰিস্থিত চৰকাৰী ভূমিত বিগত কিছু দিন ধৰি ভূ-মাফিয়াই চলাই আহিছিল ৰাজত্ব । ইপিনে নিৰ্মানকাৰ্য চলাই থকা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ নিচেই কাষত থকা চৰকাৰী ভূমিত অবৈধ ভাবে দুষ্ট চক্ৰটোৱে জে চি বিৰে খনন কাৰ্য্য চলাই খান্দিছিল কেইবাটও বৃহৎ বৃহৎ পুখুৰী । বেদখলকাৰীয়ে দিনে-নিশাই চৰকাৰী ভূমিত এই দৰে খনন কাৰ্য্য চলাই থকাৰ বাতৰি যোৱা ২১ এপ্ৰিলত ইটিভি ভাৰতত প্ৰকাশ পোৱাৰ পাচত গা লৰিল নগাঁও জিলা প্ৰশাসনৰ ৷ বৃহস্পতিবাৰে নগাঁও সদৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চক্ৰ বিষয়াৰ নেতৃত্বত অহা চি আৰ পি এফ, আৰক্ষী আৰু প্ৰশাসনৰ বৃহৎ দল এটা ঘটনাস্হলীত উপস্থিত হৈ জে চি বিৰে আৰম্ভ কৰে উচ্ছেদ অভিযান । উচ্ছেদ অভিযানত স্থানীয় ৰাইজৰ লগতে সহযোগ কৰে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে ।

বটদ্ৰৱাত ভূ-মাফিয়াৰ বিৰুদ্ধে প্ৰশাসনৰ উচ্ছেদ অভিযান

আনহাতে প্ৰশাসনৰ কোনো অনুমতি অবিহনে চৰকাৰী ভূমিত অবৈধভাৱে খনন কাৰ্য চলাই থকাৰ ওপৰত পৰৱৰ্তী সময়ত জিলা প্ৰশাসনে কি ব্যৱস্থা ল'ব সেইয়া হে হ'ব লক্ষণীয় ৷

আৰু পঢ়ক- ১৪ এপ্ৰিলত তালাপৰ ডকাইটি কাণ্ডৰ লগত জড়িত ৭ জনক আটক

ABOUT THE AUTHOR

...view details