বটদ্রৱা থানত পৰম্পৰাগত গোসাঁই 'বা' দিয়া উৎসৱ - বটদ্রৱা থান
সোমবাৰে বটদ্ৰৱা থানত অসমীয়া নৱবৰ্ষৰ প্ৰথমটো সন্ধ্যা থানৰ মনিকুট, গা-ঘৰৰ আসন আৰু দুই পদশিলাত পালন কৰা হয় গোসাঁই 'বা' দিয়া উৎসৱ । 500 বছৰীয়া পৰম্পৰাক সৰোগত কৰি উদযাপন কৰা হয় এই গোসাঁই বা দিয়া উৎসৱ ৷ মাংগলিক ধ্বনিৰে মুখৰিত হৈ পৰে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা ।

বটদ্রৱা, 16 এপ্ৰিল: বটদ্রৱা থানত পৰম্পৰাগত ভাবে উদযাপন কৰা হয় বহাগ বিহু । সোমবাৰে বটদ্ৰৱা থানত অসমীয়া নৱবৰ্ষৰ প্ৰথমটো সন্ধ্যা থানৰ মনিকুট, গা-ঘৰৰ আসন আৰু দুই পদশিলাত পালন কৰা হয় গোসাঁই 'বা' দিয়া উৎসৱ । 500 বছৰীয়া পৰম্পৰাক সৰোগত কৰি উদযাপন কৰা হয় এই গোসাঁই বা দিয়া উৎসৱ ৷ মাংগলিক ধ্বনিৰে মুখৰিত হৈ পৰে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা । সন্ধ্যা বটদ্ৰৱাৰ শলগুৰি আৰু নৰোৱা সত্ৰৰ ভকত বৈষ্ণৱ সকলে কীৰ্তন ঘৰত সমবেত হৈ ডবা, শংখ, ঘন্টা, কাহ, খোল তাল আৰু আয়তীৰ মংগল উৰুলিৰ ধ্বনিৰে মুখৰিত হৈ পৰে বটদ্ৰৱাৰ আকাশ বতাহ । থানৰ সত্ৰাধিকাৰৰ, নামলগোৱাই বৰ বিচনী আৰু চোৱৰেৰে থানৰ মনিকূটৰ আসনত সাত বাৰ, গা ঘৰৰ আসনত পাঁচ বাৰ আৰু দুই পদশিলাত তিনি বাৰকৈ 'গোসাঁই বা' দিয়া উৎসৱ সম্পন্ন কৰে । উল্লেখ্য যে, বটদ্রৱা থানৰ এই 'গোসাঁই বা' দিয়া পৰম্পৰা 500 বছৰ পুৰণি । এই পৰম্পৰাত বিশ্বাসী বটদ্ৰৱা অঞ্চলৰ ভকত বৈষ্ণৱ । অসমীয়া নৱবৰ্ষৰ পহিলা বহাগৰ দিনা গোসাঁই বা দিয়াৰ পূৰ্বে কোনো কাৰনত বিচনী বা পাংখা ব্যৱহাৰ নকৰে বটদ্ৰৱাবাসী ৰাইজে ।