বটদ্ৰৱা 17 এপ্ৰিল :বাপতি সাহোন ৰঙালী বিহুৰ আজি গছ বিহু উৎযাপন কৰা হয়। গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ ঐতিহ্যমণ্ডিত শলগুৰি সত্রৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱমহন্তৰ উদ্যোগত আজি বটদ্ৰৱা আৰক্ষী থানাত গছ পুলি ৰোপণ কৰাৰ লগতে আৰক্ষী বিষয়া আৰু জোৱান সকলক বিহুৰ শুভেচ্ছা স্বৰূপে বিহুৱান প্ৰদান কৰা হয়।
গছ বিহু উৎযাপন গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত - শলগুৰি সত্র
গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ ঐতিহ্যমণ্ডিত শলগুৰি সত্রৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱমহন্তৰ প্ৰশংসনীয় পদক্ষেপ ৷
![গছ বিহু উৎযাপন গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত batadrava gos bihu celebration sotadhikar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6829083-745-6829083-1587119549128.jpg)
গছৰ বিহু উৎযাপন গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত
গছৰ বিহু উৎযাপন গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত
গছ থাকিলেহে মানুহ থাকিব তথা গছপুলি ৰোপণেৰে প্ৰকৃতিৰ ভাৰাসাম্য ৰক্ষা কৰাৰ উদ্দেশ্যত আজি গছ বিহু উদযাপন কৰা হয়। যদিও ক'ৰণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা ল'ক ডাউনৰ ফলত এইবাৰ বিহু অনুষ্ঠান অনুষ্ঠিত হোৱা নাই বটদ্ৰৱাত।
লগতে পঢক : কৰ’ণা আক্ৰান্ত অঞ্চলৰ গ্ৰীণ জ’ন ঘোষণা নগাঁৱক