অসম

assam

By

Published : Jul 31, 2019, 2:19 PM IST

ETV Bharat / state

বটদ্ৰৱাত জুৱাৰীৰ দৌৰাত্ম: নিৰৱ দৰ্শকৰ ভূমিকাত আৰক্ষী প্ৰশাসন

ক্ৰমাৎ অসামাজিক কাৰ্যৰ ঘাটিত পৰিণত হৈছে নগাঁও জিলাৰ বটদ্ৰৱাৰ বিভিন্ন অঞ্চল । বটদ্ৰৱা আৰক্ষী থানাৰ আৰ্শীৰ্বাদতেই দিন দুপৰতে নিতৌ চলিছে মুকলিকৈ জুৱা খেল । নিৰ্বিকাৰ আৰক্ষী প্ৰশাসন ।

বটদ্ৰৱাত জুৱাৰীৰ দৌৰাত্ম: নিৰৱ দৰ্শকৰ ভূমিকাত আৰক্ষী প্ৰশাসন

বটদ্ৰৱা,31 জুলাই:নগাঁও জিলাৰ বটদ্ৰৱাৰ বিভিন্ন অঞ্চলত এতিয়া দিন দুপৰতে নিতৌ চলিছে মুকলিকৈ জুৱাখেল ৷ জুৱাখেলত হাত উজান দিছে ডেকা, বৃদ্ধ কিম্বা স্কুলীয়া ছাত্ৰই ৷ বটদ্ৰৱা আৰক্ষীৰ বেপেৰুৱা মনোভাৱৰ বাবেই অঞ্চলটোৰ বিভিন্ন অঞ্চলত ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে অসামাজিক কাৰ্য-কলাপ ৷ বটদ্ৰৱা থানৰ নিকটবৰ্তী ধনীয়াভেটি , ৰামপুৰ, হাইডুবি গাওঁ এতিয়া পৰিণত হৈছে জুৱাৰ ঘাটিলৈ । নগাওঁ আৰু মৰিগাওঁ জিলাৰ বহু জুৱাৰীৰ আগমন ঘটে এই অঞ্চলটোত । অথচ সকলো জানি-বুজিও কাৰ্যত ধৃতৰাষ্ট্ৰৰ ভূমিকাত অৱৰ্তীণ হোৱা বটদ্ৰৱা আৰক্ষীৰ স্থিতিক লৈ সন্দেহ ব্যক্ত কৰিছে স্থানীয় সচেতন মহলে ৷ বটদ্ৰৱাত শক্তিশালী ৰূপত কাৰ্য-কলাপ চলাই থকা জুৱাৰীৰ চক্ৰৰ সৈতে কমিচনৰ অংকত মেনেজ হৈ থকা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ । উল্লেখ্য যে বিগত বৰ্ষত নগাঁও জিলাৰ জুৰীয়া থানাৰ অন্তৰ্গত বলিকটীয়াত জুৱাৰীৰ গুলীত অনিল দাস নামৰ এগৰাকী আৰক্ষী কনিষ্টবলৰ মৃত্যু হৈছিল । কিন্তু তাৰ পিছতো জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ ৰহস্যজনক নিৰৱতাই স্বাভাৱিকতে আৰক্ষীৰ ভূমিকাৰ ওপৰত সন্দেহ অধিক ঘনীভূত কৰি তুলিছে ৷

বটদ্ৰৱাত জুৱাৰীৰ দৌৰাত্ম: নিৰৱ দৰ্শকৰ ভূমিকাত আৰক্ষী প্ৰশাসন

ABOUT THE AUTHOR

...view details