অসম

assam

By

Published : Apr 6, 2020, 4:57 PM IST

ETV Bharat / state

বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

বটদ্ৰৱা আলিপুখুৰী শাখা সাহিত্য সভাৰ উদ্যোগত বিতৰণ কৰা হয় এই খাদ্য সামগ্ৰী । চাউল , দালি, আলু, মিঠাতেল, বিস্কুট আৰু চাবোনকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰা হয়।

বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱৰ মাজত খাদ্য সামগ্ৰী বিতৰণ
বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

বটদ্ৰৱা, 6 এপ্ৰিলঃ সোমবাৰে বটদ্ৰৱা আলিপুখুৰী শাখা সাহিত্য সভাৰ উদ্যোগত বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয় । কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশজুৰি লক ডাউন চলি থকাৰ সময়তে প্ৰতিকূল পৰিৱেশৰ মাজত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ চৈধ্য প্ৰসংগ চলাই থকা হাটীবহাৰ ভকত বৈষ্ণৱ সকলৰ মাজত এই খাদ্য সামগ্ৰী বিতৰণ কৰা হয় ।

আলিপুখুৰী শাখা সাহিত্য সভাৰ তৰফৰ পৰাচাউল দালি, আলু, মিঠাতেল, বিস্কুট আৰু চাবোনকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰা হয় ।

বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

গুৰুজনাৰ জন্মস্থানৰ মৌলিক ৰীতি-নীতি সত্ৰকৃষ্টিৰ বৈভৱময় পৰম্পৰাক জীপাল কৰি ৰখা তথা গুৰুজনাৰ আদৰ্শৰাজিৰ মাজেৰে মানবজাতিৰ মংগলৰ বাবে প্ৰাৰ্থনা জনোৱা বটদ্ৰৱা থানৰ এঘাৰ গৰাকী ভকত বৈষ্ণৱক আজি আলিপুখুৰী শাখা সাহিত্য সভাৰ কেবাগৰাকী সদস্য একত্ৰিত হৈ মাংগলিক সেৱাৰে সামগ্ৰী সমূহ বিতৰণ কৰে ।

লক ডাউনৰ সময়ছোৱাত বটদ্ৰৱাত থানৰ নিৰলস সেৱাত নিবিড়ভাৱে জড়িত থকা ভকত বৈষ্ণৱ সকলৰ জীৱন ধাৰণত কিছু অসুবিধাৰ সন্মূখীন হোৱাৰ কথাটো অনুভৱ কৰি শাখা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰমোহন বৰুৱাৰ নেতৃত্বত সতৰ্কতাৰ লগতে সামাজিক ব্যৱধান ৰক্ষাৰ মাজেৰে এই বিতৰণৰ কাৰ্যসূচী সম্পন্ন কৰে ।

ABOUT THE AUTHOR

...view details