অসম

assam

ETV Bharat / state

বিশ্বনাথ আৰু ছয়গাঁৱৰ পৰা নিয়ন্ত্ৰণ হৈছিল বিতৰ্কিত ফেচবুক পেজ: পোহৰলৈ আহিছে ন ন তথ্য

ঘটনাত জড়িত ছয়গাওঁ , বিশ্বনাথৰ দুজনকৈ যুৱক। নগাওঁ আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিৰ তৎপৰতাত শনিবাৰে নিশা ছয়গাঁৱৰ গৰৈমাৰীৰ পৰা আব্দুল মতিন আৰু বিশ্বনাথ চাৰিআলিৰ পৰা আমিৰ খুচৰোক আটক কৰে । ধৃত আমিৰ খুচৰো নৰ্থ ইষ্ট মাইনৰিটি ষ্টুডেন্ট ইউনিয়ন চমুকৈ নেমছুৰ সদস্য। দুই ধৃত অভিযুক্তৰ পৰা আৰক্ষীয়ে লাভ কৰিছে ন ন তথ্য।

ETV BHARAT

By

Published : Jun 16, 2019, 4:48 PM IST

নগাঁও ,16 জুন :বটদ্ৰৱা নামত থকা বিতৰ্কিত ফেচবুক কাণ্ডত জড়িত দুই অভিযুক্তক মাৰাথান জেৰা নগাওঁ আৰক্ষীৰ। ঘটনাত জড়িত ছয়গাওঁ , বিশ্বনাথৰ দুজনকৈ যুৱক। আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে ন ন তথ্য।

বিতৰ্কিত ফেচবুক কাণ্ডত জড়িত দুই অভিযুক্তক মাৰাথান জেৰা
সমগ্ৰ ৰাজ্যতে তোলপাৰ লগোৱা বটদ্ৰৱা সংখ্যালঘু যুৱ মঞ্চ নামৰ এটা ফেচবুক পেজৰ দুজনকৈ প্ৰশাসক জালত পৰিছে নগাওঁ আৰক্ষীৰ। বহু আপত্তিজনক মন্তব্যৰে বিতৰ্কৰ সৃষ্টি কৰা ফেচবুক পেজটো নিয়ন্ত্ৰণ কৰিছিল বিশ্বনাথ চাৰিআলি আৰু ছয়গাঁৱৰ দুজনকৈ যুৱকে। ছয়গাঁৱৰ আচলপাৰা কাণ্ডৰ পাচতেই অধিক সক্ৰিয় হৈ পৰিছিল ফেচবুক পেজটো। বিভিন্ন সাম্প্ৰদায়িক মন্তব্য কৰা ফেচবুক পেজটোত শেহতীয়াকৈ পোষ্ট কৰা হৈছিল এটা বহু বিতৰ্কিত মন্তব্য। পেজটোত ধৰ্ষণ শাৰীৰিক ব্যায়াম বুলি মন্তব্য কৰাৰ পাচতেই সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ। নগাওঁ আৰক্ষীয়ে পৃথকে পৃথকে দুটাকৈ গোচৰ ৰুজু কৰি আৰম্ভ কৰিছিল তদন্ত। নগাঁৱৰ বটদ্ৰৱাৰ নামত থকা বিতৰ্কিত ফেচবুক পেজটোত বটদ্ৰৱা তথা নগাঁৱৰ কোনো যুৱক জড়িত নাই বুলি স্পষ্ট কৰিছে আৰক্ষীয়ে। নগাওঁ আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিৰ তৎপৰতাত শনিবাৰে নিশা ছয়গাঁৱৰ গৰৈমাৰীৰ পৰা আব্দুল মতিন আৰু বিশ্বনাথ চাৰিআলিৰ পৰা আমিৰ খুচৰোক আটক কৰে। ধৃত আমিৰ খুচৰো নৰ্থ ইষ্ট মাইনৰিটি ষ্টুডেন্ট ইউনিয়ন চমুকৈ নেমছুৰ সদস্য। ধৃত দুই অভিযুক্তক আৰক্ষীয়ে অব্যাহত ৰখা জেৰাত পোহৰলৈ আহিছে ন ন তথ্য।নগাঁৱৰ বটদ্ৰৱাৰ নামত ফেচবুক পেজ খুলি আপত্তিজনক মন্তব্যৰে বিতৰ্কৰ সৃষ্টি কৰা এনে দুষ্কাৰ্য সন্দৰ্ভত নগাওঁ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। সম্ভাৱনা আছে আৰু ব্যক্তি জালত পৰাৰ।

ABOUT THE AUTHOR

...view details