অসম

assam

By

Published : Nov 2, 2019, 11:38 AM IST

ETV Bharat / state

ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ বটদ্ৰৱাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ইটিভি ভাৰতৰ বাতৰিৰ পিছতেই বটদ্ৰৱাত ড্ৰাগছৰ বিৰুদ্ধে নিশা এপৰলৈকে আৰক্ষীৰ অভিযান। নিষিদ্ধ ড্ৰাগছৰ ঘাটিয়ে ঘাটিয়ে আৰক্ষীৰ দল । এই অভিযানত উদ্ধাৰ হ'ল বহু পৰিমাণৰ ড্ৰাগছ আৰু ড্ৰাগছৰ লগত ব্যৱহৃত সামগ্ৰী । আটক সৰবৰাহকাৰী ।

বটদ্ৰৱাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

বটদ্ৰৱা, 2 নৱেম্বৰঃনিষিদ্ধ ড্ৰাগছে সম্প্ৰতি চানি ধৰিছে নগাঁও জিলাৰ বিভিন্ন অঞ্চল ৷ জিলাখনত ব্যাপক হাৰত বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ লগতে ড্ৰাগছ সৰবৰাহকাৰীৰ সংখ্যা ৷ যাৰ ফলত অঞ্চলটোৰ সুষ্ঠ শৈক্ষিক,সামাজিক পৰিৱেশ বহু পৰিমাণে বিনষ্ট হৈছে । এই বাতৰি একমাত্ৰ ইটিভি ভাৰতে ধাৰাবাহিক ভাৱে প্ৰচাৰ কৰাৰ পিছতেই উক্ত অবাধ ড্ৰাগছ,সুৰাৰ বিৰুদ্ধে হঠাৎ তৎপৰ হৈ পৰিছে বটদ্ৰৱা আৰক্ষী

বটদ্ৰৱাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

লগতে পঢ়কঃনগাঁৱত ড্ৰাগছ সৰবৰাহকাৰীৰ হাতত প্ৰহৃত কিশোৰ

শুকুৰবাৰে নিশা এপৰলৈকে আৰক্ষী চক্ৰ বিষয়া সোমেশ্বৰ কোঁৱৰ আৰু বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি মজুমদাৰৰ নেতৃত্বত সংখ্যালঘু গণতান্ত্ৰিক যুৱ ছাত্ৰ ফেডাৰেচনৰ সহযোগত বটদ্ৰৱা ধনীয়াভেটিৰ মজিবুৰ ৰহমান নামৰ অবৈধ ড্ৰাগছৰ সৰবৰাহকাৰীটোৰ ঘৰৰ পৰা নিষিদ্ধ ড্ৰাগছ আৰু ড্ৰাগছৰ লগত ব্যবহৃত সামগ্ৰী উদ্ধাৰ কৰে । অৱশ্যে চল চাই কুখ্যাত ড্ৰাগছ ব্যৱসায়ী মজিবুৰ ৰহমানে পলায়ন কৰে যদিও নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত মজিবুৰ ৰহমানৰ পত্নীক আৰক্ষীয়ে আটক কৰে।

উদ্ধাৰ হোৱা ড্ৰাগছখিনি

আনহাতে শনিবাৰে পুৱা পুনৰ বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি মজুমদাৰৰ নেতৃত্বত চলা অভিযানত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী মজিবুৰ ৰহমানক বহু পৰিমাণৰ ড্ৰাগছ সহ আটক কৰে ।

আটক সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details