শ্বহীদ গুণাভিৰাম বৰদলৈৰ প্ৰতিমূৰ্তি স্থাপন বিধায়িকা আঙুৰলতা ডেকাৰ - Gunabhiram Bordoloi
ই টি ভি ভাৰতৰ বাতৰিৰ পিছতেই শ্বহীদ গুণাভিৰাম বৰদলৈৰ প্ৰতিমূৰ্তি স্থাপন কৰিলে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাই
বটদ্ৰৱা, 14 আগষ্টঃই টি ভি ভাৰতৰ বাতৰিৰ পিছতেই শ্বহীদ গুণাভিৰাম বৰদলৈৰ প্ৰতিমূৰ্তি স্থাপন কৰে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাই । 1942 চনৰ স্বাধীনতা আন্দোলনত দেশক পৰাধীনতাৰ শিকলিৰ পৰা মুক্ত কৰি শ্বহীদ হোৱা গুণাভিৰাম বৰদলৈৰ জ্যেষ্ঠ পুত্ৰৰ দুভৰি শিকলিৰে বন্দী হৈ থকা শ্বহীদ গৰাকীৰ জ্যেষ্ঠ পুত্ৰ ডিম্বেশ্বৰ বৰদলৈ স্মৃতিভ্ৰম (আলজেইমাৰ) ৰোগত আক্ৰান্ত হোৱাৰ বাতৰি ই টি ভি ভাৰতত প্ৰকাশ হোৱাৰ পাছতেই স্বাধীনতা দিৱসৰ প্ৰাকমূৰ্হতত 42ৰ শ্বহীদ গুণাভিৰাম বৰদলৈৰ প্ৰতিমূৰ্তি স্থাপন কৰে বিধায়িকা আঙুৰলতা ডেকাই । 42ৰ শ্বহীদ গুণাভিৰাম বৰদলৈৰ জ্যেষ্ঠ পুত্ৰ কিছু দিন ধৰি জটিল মানসিক ৰোগত আক্ৰান্ত হৈ পৰা ডিম্বেশ্বৰ বৰদলৈক শিকলিৰে ভৰিত বান্ধি থোৱাৰ বাতৰি প্ৰকাশ হৈছিল ই টি ভি ভাৰতত। আৰ্থিক দুৰৱস্থাই কোঙা কৰা পৰিয়ালটো দীৰ্ঘদিন ধৰি চৰকাৰৰ ঘৰৰ পৰা হৈ আছিল অৱহেলিত । কিন্তু এই দুৰ্ভগীয়া পৰিয়ালটোৰ বাতৰি ই টি ভি ভাৰতত প্ৰকাশিত হোৱাৰ পিচতেই পৰিয়ালটোৰ ঘৰত বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা,মৰিগাঁও জিলাৰ উপায়ুক্ত আৰু মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক উপস্থিত হৈছিল। জটিল মানসিক ৰোগত আক্ৰান্ত শ্বহীদ গুনাভিৰাম বৰদলৈৰ জ্যেষ্ঠ পুত্ৰ ডিম্বেশ্বৰ বৰদলৈৰ সু চিকিৎসাৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আঙুৰলতা ডেকাই। শিকলিৰে বন্দীত্বৰ জীৱন কটোৱা ডিম্বেশ্বৰ বৰদলৈক শৃংখল মুক্ত কৰাৰ বাবে আছুতীয়া কক্ষৰ ব্যৱস্থা কৰা,শ্বহীদ গুনাভিৰাম বৰদলৈৰ বাসগৃহলৈ যোৱা পথৰ উন্নীতকৰণ কৰা,শ্বহীদ গুনাভিৰাম বৰদলৈৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰা,শ্বহীদ গৰাকীৰ নাতি তথা শিল্পী গোলাপ বৰদলৈৰ বাবে শিল্পী পেঞ্চনৰ ব্যৱস্থা কৰা আদি বহু প্ৰতিশ্ৰুতি প্ৰদান কৰে। সেই প্ৰতিশ্ৰুতিৰ প্ৰতি সঁহাৰি জনাই বুধবাৰে 1942 চনত বৃটিছৰ গুলীত প্ৰাণ আহুতি দিয়া গুনাভিৰাম বৰদলৈৰ এটা প্ৰতিমূৰ্তি স্থাপনৰ আধাৰশিলা কৰে বিধায়িকা আঙুৰলতা ডেকাই । ইফালে ছাত্ৰ ছাত্ৰীৰ সৈতে হাতে হাতে ঝাৰু লৈ বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাৰ চাফাই। লং পেন্ট আৰু স্পটিং পৰিধান কৰি এজাক ছাত্ৰ ছাত্ৰীৰ সৈতে চাফ-চিকুণ কৰাত ব্যস্ত আঙুৰলতা ডেকা । অভিনয় জগতৰ পৰা ৰাজনৈতিক ক্ষেত্ৰখনত ভৰি দি সমষ্টিবাসীৰ মন জয় কৰিবলৈ বিভিন্ন সময়ত বিভিন্ন ৰূপত দেখিবলৈ পোৱা বিধায়িকা গৰাকীক এইবাৰ দেখিবলৈ পোৱা গ'ল ঝাৰু মাৰি হাবি জংঘল চাফ-চিকুণ কৰাত । উল্লেখ্য যে স্বাধীনতা দিৱস উপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ দলংঘাট মণ্ডলৰ সহযোগত বিধায়িকা আঙুৰলতা ডেকাই একতাৰ দৌৰত অংশগ্ৰহণ কৰে। এই একতাৰ দৌৰ কাৰ্যসূচীত চাবুকধৰাৰ পৰা আৰম্ভ কৰি অন্ত পৰে কপাহেৰাত। একতা দৌৰৰ অন্তত ৰাইজৰ উপস্থিতিত গুনাভিৰাম বৰদলৈৰ প্ৰতিমূৰ্তি স্থাপন কৰে বিধায়িকা গৰাকীয়ে ৷