নগাঁও,10মাৰ্চ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত উখল-মাখল পৰিৱেশ ৷ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে গুৰুজনাৰ পৱিত্ৰ জন্মস্থান ৷ 500বছৰ পুৰণি এই দৌল মহোৎসৱৰ আজি তৃতীয় দিন ৷ এই দৌল মহোৎসৱখনীত আজি গোসাই ঘুৰুৱা অনুষ্ঠানৰ এক কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷ বিয়লি কীৰ্তনঘৰৰ ৰভাতলৰ পৰা কৃষ্ণ গোঁসাইক সুসজ্জিত আসনত বহুৱাই গায়ন-বায়নেৰে দৌল মন্দিৰলৈ শোভাযাত্ৰা কৰি লৈ যোৱা হয় ৷ য'ত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকলে অংশগ্ৰহন কৰে ৷ দৌল মন্দিৰত ধৰ্মীয় নীতি-নিয়ম সম্পাদন কৰাৰ অন্তত গোসাইক দুই সত্ৰ ক্ৰমে নৰোৱা আৰু শলগুৰি সত্ৰৰ সত্ৰাধিকাৰৰ ঘৰত পূজা অৰ্চনা কৰি পুনৰ কীৰ্তনঘৰৰ ৰভাতলত প্ৰতিষ্ঠা কৰা হয় ৷ উল্লেখ্য যে, অইন বেলিৰ দৰে এইবাৰো গুৰুজনাৰ পৱিত্ৰ জন্মস্থানত পাঁচদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে দৌল মহোৎসৱ ৷
উখল-মাখল পৰিৱেশ বটদ্ৰৱাত ! - মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা
দৌল মহোৎসৱ উপলক্ষে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত উখল-মাখল পৰিৱেশ ৷ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে বটদ্ৰৱাৰ আকাশ বতাহ ।
উখল-মাখল পৰিৱেশ বটদ্ৰৱাত!